![]()
নিউজ ডেস্কঃ
ৰাজপথত এগৰাকী বৃদ্ধাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্য চাঞ্চল্যৰ সৃষ্টি হয় পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰৰ বালুৰঘাটত। শনিবাৰে এই ঘটনাটি ঘটে। বৃদ্ধাগৰাকীক জুই লগাই পুৰি মৰাৰ অভিযোগ উঠিছে তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ বিৰুদ্ধে। তেওঁলোকক আটক কৰা হৈছে। প্রাথমিকভাবে আৰক্ষীৰ অনুমান, মাতৃৰ ভৰণ-পোষণৰ পৰা হাত সাৰিবলৈয়েই এই হত্যা।
বৃদ্ধাগৰাকীৰ নাম সুভদ্রা ৰায়। বয়স ৭৮ বছৰ। স্থানীয় লোকসকলৰ বক্তব্য, দীর্ঘ দিন ধৰি মাতৃ সুভদ্রাৰ ওপৰত অত্যাচাৰ চলাই আহিছিল পুত্ৰ গোপাল ৰায় আৰু তেওঁৰ পত্নী শিল্পী ৰায়ে। প্রতিবেশীসকলেও একাধিকবাৰ তেওঁলোকক এই বিষয়ত সতর্ক কৰিছিল। চুবুৰীয়াৰ অভিযোগ, শুক্রবাৰে নিশা মাতৃক জ্বলাই মাৰে গোপাল আৰু শিল্পীয়ে। তাৰ পিছত অগ্নিদগ্ধ মৃতদেহটো ৰাস্তাত পেলাই থৈ আহে তেওঁলোকে। পুৱা ঘটনাটি প্ৰচাৰ হওঁতেই দৌৰি যায় প্রতিবেশীসকল।
তাৰ পিছতে পলোৱাৰ চেষ্টা কৰে গোপাল আৰু শিল্পীয়ে। সেই সময়ত তেওঁলোকক ধৰি থানাত খবৰ দিয়ে প্রতিবেশীয়ে।











