![]()
নিউজ ডেস্কঃ
দুসপ্তাহ পূৰ্বে ‘ইউক্রেইনৰ শ্ৰেষ্ঠ চিকিৎসা চহৰ’ হিচাবে পৰিচিত আছিল খাৰকিভ। ৰুছ বাহিনীৰ ১০ দিনীয়া ধাৰাবাহিক আক্ৰমণত উক্ত চহৰখনৰ বিস্তীর্ণ অঞ্চল কার্যত ধ্বংসস্তূপত পৰিণত হৈছে। ঘন বসতিপূর্ণ অসামৰিক এলেকাত নির্বিচাৰে ক্ষেপণাস্ত্র আৰু ক্লাষ্টাৰ বোমাবর্ষণত হতাহত হৈছে বহুতো। উক্ত তালিকাত আছে শিশুসকলো। তাৰ উপৰি যুদ্ধ পৰিস্থিতিত ব্যাহত হৈ পৰিছিল দুৰাৰোগ্য ৰোগত আক্রান্ত শিশুসকলৰ চিকিৎসাও।
যুদ্ধ পৰিস্থিতিত খাৰকিভৰ উক্ত আহত আৰু কঠিন ৰোগত আক্রান্ত শিশুসকলৰ চিকিৎসাৰ বাবে স্থানান্তৰ প্রক্রিয়া আৰম্ভ হ’ল শুক্রবাৰে নিশা। বিশেষ মেডিকেল ৰে’লত ১২ জন শিশু আৰু তেওঁলোকৰ অভিভাৱকক লৈ যোৱা হ’ল পোলেণ্ড সীমান্তলৈ। এই উদ্দেশ্যে নিশাৰ ভিতৰতে এখন সাধাৰণ ৰে’লত জৰুৰীকালীন চিকিৎসাৰ কিছু বন্দোবস্ত কৰা হৈছিল। যাত্রী হিচাবে আছিল খাৰকিভৰ বিশিষ্ট শিশু চিকিৎসক ইউজেনিয়া ছুজকিউইচসহ বহুকেইজন চিকিৎসক আৰু স্বাস্থ্যকর্মী। ইউক্রেইন চৰকাৰৰ সূত্রৰ খবৰ মতে, উক্ত শিশুসকলক চিকিৎসাৰ বাবে পোলেণ্ডলৈ লৈ যোৱা হৈছে।
শিশু চিকিৎসক ইউজেনিয়াৰ তত্ত্বাৱধানতেই খাৰকিভৰ কেইবাজনো চিকিৎসকে ইউক্রেইন চৰকাৰ আৰু আন্তর্জাতিক স্বেচ্ছাসেৱী সংগঠনবোৰৰ সৈতে যোগাযোগ কৰি শিশুসকলক উদ্ধাৰৰ ব্যৱস্থা কৰে।











