![]()
নিউজ ডেস্কঃ
দেশলৈ উভতিল ইউক্রেইনত আবদ্ধ হৈ থকা আৰু ৬০০ ভাৰতীয়। উভতাই আনিলে ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমান চি-১৭ বিমানে। শুক্রবাৰে ৰোমানিয়া, শ্লোভাকিয়া আৰু পোলেণ্ডৰ উদ্দেশ্যে গৈছিল তিনিখন চি-১৭ বিমান। লগত লৈ যায় যুদ্ধবিধ্বস্ত ইউক্রেইনৰ বাবে চাৰে ১৬ টন সাহায্য সামগ্ৰীও। এই লৈ ইউক্রেইন আৰু ইয়াৰ প্রতিবেশী দেশবোৰলৈ মুঠ ২৬ টনৰ সাহায্য পঠাইছে ভাৰতে। এই পৰ্যন্ত ভাৰতীয় বায়ুসেনাৰ ১০খন বিমানত মুঠ দুই হাজাৰ ৫৬ জন আবদ্ধ হৈ থকা ভাৰতীয়ক নিৰাপদে দেশলৈ উভতাই অনা হৈছে। ২৬ ফেব্রুৱাৰীত প্রথমবাৰ বায়ুসেনাৰ এখন বিমানে ভাৰতীয়সকলক উভতাই আনিবলৈ উৰা মাৰিছিল আৰু ২১৯ জনক লৈ মুম্বাইত অৱতৰণ কৰে। ইউক্রেইনৰ পৰা ভাৰতীয়সকলক উভতাই অনাৰ বাবে ‘অপাৰেচন গঙ্গা’ নামৰ বিশেষ অভিযান আৰম্ভ হয়।
অৱশ্যে ইউক্রেইনৰ বিপর্যস্ত ৰাজধানী কিভত আৰু কোনো ভাৰতীয় আবদ্ধ হৈ থকা নাই বুলিয়েই মঙলবাৰে জনাইছিল কেন্দ্রই।











