![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
বিশ্ব ঐতিহ্যক্ষেত্ৰ তথা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত মস্য চিকাৰ কৰা অপৰাধত দুবছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰাক্তন দুই বিধায়ক কুশল দুৱৰী, জিতেন গগৈসহ মুঠ ৫জনক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত অবৈধ মস্য চিকাৰ কৰা গোচৰ চূড়ান্ত ৰায়দান গোলাঘাট অতিৰিক্ত জিলা ন্যায়াধীশ আদালতৰ। জিলা অতিৰিক্ত ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে। উল্লেখ্য যে দুবছৰৰ কাৰাদণ্ডৰ উপৰিও পাঁচোগৰাকী দোষীকে ৫ হাজাৰ কৈ জৰিমনা বিহিছে।
২০০৯ চনৰ মার্চ মাহত ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত অনাধিকাৰ প্ৰৱেশ কৰি অবৈধভাৱে বানাঞ্চলখনৰ কাঁঠনিবাৰী আৰু হোলালপাঠ বন শিবিৰৰ এলেকা ডিফলু নদীত মস্য চিকাৰ অভিযোগত গোচৰ ৰুজু হৈছিল। গোচৰতো প্ৰায় ১৩ বছৰ আদালতৰ বিচাৰৰ অন্তত প্রদান কৰিছে চূড়ান্ত ৰায়। গুৰুত্বপূৰ্ণ কথা সেই সময়ৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰেঞ্জাৰ ধৰণীধৰ বড়োৱে গোচৰ তৰিছিল। গোচৰটোত দোষীৰ সাব্যস্ত হোৱা অন্য কেইজন হৈছে- তৰুণ বৰা, বাবু গগৈ আৰু ডম্বৰুধৰ গগৈ।
আনহাতে জৰিমনা বহন নকৰিলে অতিৰিক্তকৈ আৰু দুমাহ বৃদ্ধি পাব কাৰাদণ্ড। উল্লেখ্য কুশল দুৱৰী প্ৰাক্তন থাওৰা সমষ্টি বিজেপি বিধায়ক।













