![]()
নিউজ ডেস্কঃ
ৰুছ সেনাৰ বিৰুদ্ধে যুদ্ধত ইউক্রেইনক যেনেদৰেই নহওক কিয়, ভাৰতে সহায় কৰক। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ওচৰত এই আবেদন কাশ্মীৰবাসী ইউক্রেইনীয় মহিলা ওলিজাৰ।
এজন কাশ্মীৰী ব্যক্তিৰ সৈতে বিয়া হৈছিল ওলিজাৰ। বিয়াৰ পিছৰ পৰাই জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ ত্রাল এলেকাত থাকে তেওঁ। ইউক্রেইনত থাকে তেওঁৰ পৰিয়াল-পৰিজন। ওলিজাই কয়, ‘‘ভীষণ দুশ্চিন্তাত আছো। মোৰ গোটেই পৰিয়াল তাত আছে। কি অৱস্থাত তেওঁলোক আছে, একো বুজিব পৰা নাই।’’
সংবাদ সংস্থা এএনআইক দিয়া সাক্ষাৎকাৰত প্রধানমন্ত্রী আৰু ভাৰত চৰকাৰৰ উদ্দেশ্যে আবেদন জনায় ওলিজাই। তেওঁ কয়, ‘‘যেনেদৰেই নহওক কিয়, আপোনালোকে ইউক্রেইনক সহায় কৰক। ইউক্রেইনৰ মানুহে শান্তিত থাকিবলৈয়েই পছন্দ কৰে।’’
তেওঁ লগতে কয়, ‘‘গণতন্ত্র আৰু শান্তি প্রতিষ্ঠাৰ বাবে বৰ্তমান যুঁজিছে আমাৰ দেশে। আমি মনৰ পৰাই স্বাধীন। ৰাছিয়াক আমি আমাৰ ঘৰত সোমাব নিদিওঁ।’’











