![]()
নিউজ ডেস্কঃ
কিভত গুলীবিদ্ধ ভাৰতীয় ছাত্রৰ কপালত হাত বুলাই তেওঁক দেশলৈ উভতা বিমানত তুলিলে কেন্দ্রীয় মন্ত্রী ভিকে সিঙে। সোমবাৰে তেওঁৰেই তত্ত্বাৱধানত পোলেণ্ডৰ পৰা ভাৰতলৈ উভতা বিমানৰ যাত্ৰী হ’ল ভাৰতীয় ছাত্র হৰজ্যোৎ সিং।
হৰজ্যোৎ যোৱা মাহত কিভত সেনা আক্ৰমণৰ চিকাৰ হৈছিল। ৰাইফলৰ গুলীয়ে ইফাল-সিফাল কৰি দিছিল হৰজ্যোতৰ ভৰি আৰু কান্ধৰ হাড়। হস্পিটেলত দিনৰ পিছত দিন তেনেদৰেই পৰি আছিল। এয়াও অভিযোগ কৰিছিল যে, ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিও কোনো লাভ হোৱা নাই। কোনো সঁহাৰি দিয়া নাই। কিভৰ ভাৰতীয় দূতাবাসৰ বিৰুদ্ধে অসহযোগিতাৰ অভিযোগো আনিছিল ৩১ বছৰীয়া ভাৰতীয় ছাত্রজনে।

উক্ত হৰজ্যোৎ যেতিয়া এম্বুলেন্সত আহি পোলেণ্ডৰ বিমানবন্দৰত ভাৰতীয়সকলৰ বাবে অপেক্ষাৰত বিমানৰ সন্মুখত উপস্থিত হৈছিল, তেতিয়া তেওঁক স্বাগতম জনাবলৈ আগবাঢ়ি আহে স্বয়ং কেন্দ্রীয় মন্ত্রীগৰাকী। কপালত হাত বুলাই দিয়ে। পোলেণ্ডৰ ভাৰতীয় দূতাবাসৰ সূত্র মতে, উক্ত বিমানখনতেই হৰজ্যোৎ আৰু ইউক্রেইনৰ পৰা ওলাই অহা আৰু ২০০ ভাৰতীয়ক লৈ দেশলৈ উভতে ভিকে সিং।সোমবাৰে পোলেণ্ডৰ পৰা দিল্লীলৈ অহা হৰজ্যোৎ বাহিনীৰ বিমান সন্ধিয়া ৭ বজাত অৱতৰণ কৰাৰ কথা।











