![]()
নিউজ ডেস্কঃ
ইউক্রেইনত যুদ্ধ পৰিস্থিতিৰ কাৰণে ৰাছিয়াৰ পৰা ভাৰতলৈ যুদ্ধবিমান, টেঙ্ক আৰু যুদ্ধযান সৰবৰাহ বাধাপ্রাপ্ত হ’ব পাৰে। থমকি ৰ’ব পাৰে অতি হ্ৰস্বদৈৰ্ঘ্যৰ বিমান বিধ্বংসী ক্ষেপণাস্ত্র, হেলিকপ্টাৰ আৰু বিভিন্ন সামৰিক সৰঞ্জাম সৰবৰাহৰ প্রক্রিয়া। প্রতিৰক্ষা মন্ত্ৰালয়ৰ এটি সূত্রত এই আশঙ্কাৰ কথা জানিব পৰা গৈছে।
উল্লেখ্য, বিগত কেইবা বছৰ ধৰি ৰাছিয়াৰ পৰা টি-৯০ টেঙ্ক, বিএমপি-২ যুদ্ধ যান আৰু মিগ-২৯কে যুদ্ধবিমান আমদানি কৰি আহিছে ভাৰতে। সেইবোৰ ৰক্ষণাবেক্ষণৰ বাবে প্রয়োজনীয় যন্ত্রাংশৰ একাংশও আহে ৰাছিয়াৰ পৰাই। কিন্তু ইউক্রেইন যুদ্ধৰ ফলত উক্ত প্রক্রিয়া ব্যাহত হ’ব পাৰে বুলি প্রতিৰক্ষা মন্ত্ৰালয়ৰ সূত্রই জনাইছে। থমকি যাব পাৰে ৰাছিয়াৰ পৰা ‘৯কে ৩৮ ইগলা’ অতি হ্ৰস্বদৈৰ্ঘ্যৰ বিমান বিধ্বংসী ক্ষেপণাস্ত্র আমদানিৰ প্রক্রিয়াও।











