![]()
নিউজ ডেস্কঃ
৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ Exit Poll আজি প্ৰকাশ কৰিছে বিভিন্ন ভোট সমীক্ষা সংস্থাই৷ উক্ত সমীক্ষা মতে, ইতিহাস সৃষ্টি কৰি উত্তৰ প্ৰদেশত পুনৰ যোগী আদিত্যনাথৰ চৰকাৰ হ’ব! অধিকাংশ সমীক্ষাই এই পূৰ্বাভাস দিছে৷ আনহাতে, সমাজবাদী পার্টিয়ে সমানে সমানে যুঁজ দিলেও চৰকাৰ গঠনৰ সপোন পূৰণ নহ’ব বুলি সমীক্ষাবোৰে প্ৰকাশ কৰিছে। আনহাতে, পঞ্জাবত চমকপ্ৰদ উত্থানেৰে আম আদমি পার্টিয়ে শীৰ্ষ স্থান দখল কৰিছে সমীক্ষাত৷ দ্বিতীয় স্থানত থাকিব কংগ্রেছ।
একেদৰে, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰৰ ৰাজনীতিতো পৰিৱৰ্তন হ’ব। উত্তৰাখণ্ডত বিজেপি চৰকাৰ, গোৱা আৰু মণিপুৰতো বিজেপি চৰকাৰৰ পূৰ্বাভাস দিছে এক্সিট প’লত৷











