![]()
নিউজ ডেস্কঃ
তামিলনাডুৰ এজন যুৱকে ৰাছিয়ান সেনাক ৰুধিবলৈ যোগ দিলে ইউক্রেইনৰ সেনাবাহিনীত!
কোৱেম্বাটুৰৰ বাসিন্দা ২১ বছৰীয়া সৈনিকেশ ৰবিচন্দ্রন। ২০১৮ চনত ইউক্রেইনলৈ পঢ়িবলৈ গৈছিল তেওঁ। তেওঁ বৰ্তমান যোগদান কৰিছে ইউক্রেইনৰ অৰ্ধ সামৰিক বাহিনীত। বিষয়াসকলে তেওঁৰ ঠিকনাত অনুসন্ধান কৰি আৰু পিতৃ-মাতৃৰ সৈতে কথা পাচি জানিব পাৰে, ভাৰতীয় সেনাবাহিনীত যোগদানৰ বাবে আবেদন কৰিছিলেন সৈনিকেশে, কিন্তু সুযোগ পোৱা নাছিল। দেশত সুযোগ নাপালেও যুদ্ধ পৰিস্থিতিত যুঁজ কৰাৰ সপোন সাৰ্থক হৈছে তেওঁৰ।
উল্লেখ্য, খাৰকিভৰ নেচনেল এৰোস্পেচ ইউনিভাৰ্ছিটিত পঢ়ি আছিল সৈনিকেশে। এই বছৰ ততেওঁৰ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই আক্ৰমণ কৰে ৰাছিয়াই। ইউক্রেইনত যুদ্ধ পৰিস্থিতিত সৈনিকেশৰ সৈতে যোগাযোগ হেৰুৱায় তেওঁৰ পিতৃ-মাতৃয়ে। ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিও একো সন্ধান নাপায় পুত্ৰৰ। পিছত পিতৃ-মাতৃক সৈনিকেশে জনায় যে তেওঁ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ইউক্রেইনৰ অৰ্ধ সামৰিক বাহিনীত যোগ দিছে।











