![]()
নিউজ ডেস্কঃ
ইউক্রেইনত আক্ৰমণৰ বাবে পশ্চিমীয়া দেশবোৰে আর্থিক লেনদেন বন্ধ কৰি ভাতে মৰাৰ চেষ্টা কৰিছে ৰাছিয়াক। এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আগবাঢ়িল ৰাছিয়াও। জনাই দিলে, ইউৰোপলৈ প্রাকৃতিক গেছ সৰবৰাহ কৰা পাইপ লাইন কাটি দিব।
ৰাছিয়াৰ উপ-প্রধানমন্ত্রী আলেকজেণ্ডাৰ নোভাকে টেলিভিছনত জনালে, বৰ্তমানো নর্ড ষ্ট্ৰিম ১ পাইপ লাইন কটা সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাইনি। তাৰ জৰিয়তে নিয়মিত গেছ সৰবৰাহ কৰা হৈছে ইউৰোপলৈ। নোভাক ৰাছিয়াৰ শক্তি মন্ত্ৰালয়ৰ দায়িত্বতো আছে। অৱশ্যে তেওঁ ইঙ্গিত আগতেই দিছিল যে ইয়াৰ পিছত গেছৰ পাইপ লাইন কাটিব পাৰে ৰাছিয়াই।
তাৰ ফলতেই এতিয়া চাপত পৰিছে ইউৰোপৰ দেশবোৰ। আনকি ইউৰোপত গেছৰ মূল্য ৮০ শতাংশ বৃদ্ধি পোৱাৰো আশংকাই দেখা দিছে। উল্লেখ্য, ইউৰোপীয় ইউনিয়নৰ দেশবোৰে মুঠ যিমান পৰিমাণৰ গেছ আমদানি কৰে, তাৰে ভিতৰত ৪০ শতাংশই আহে ৰাছিয়াৰ পৰা। আৰু যিমান তেল আমদানি কৰে তাৰে চাৰিভাগৰ এভাগ আহে ৰাছিয়াৰ পৰা। সেয়ে এতিয়া ৰাছিয়াই সৰবৰাহ বন্ধ কৰিলে চাপত পৰিব ইউৰোপৰ দেশবোৰ।











