![]()
নিউজ ডেস্কঃ
ইউক্ৰেইন-ৰাছিয়া সঙ্ঘাতৰ ১৩ দিনৰ দিনা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভোলোডিমিৰ জেলেনস্কিৰ বাৰ্তা- “মই কাকো ভয় নকৰো আৰু এই যুদ্ধ পৰিস্থিতিত কিভ এৰি পলাইও নাযাওঁ৷”
উল্লেখ্য, ইউক্রেইনৰ উত্তৰ আৰু পশ্চিম দিশৰ পৰা লাহে লাহে ৰাজধানী কিভৰ দিশে অগ্রসৰ হৈছে ৰুছ সেনা। আনহাতে, ৰাছিয়াৰ ক্ষেপণাস্ত্রৰ নিৰৱচ্ছিন্ন আঘাতত বিপর্যস্ত হৈ পৰিছে ইউক্রেইন। কিন্তু যুদ্ধৰ আৰম্ভণিৰ পৰাই বৰ্তমানলৈ প্ৰবল আত্মবিশ্বাসী হৈ আছে জেলেনস্কি৷ তেওঁ এইবাৰ জনালে নিজৰ ঠিকনাও৷
তেওঁ জনোৱা মতে, তেওঁ আছে ৰাজধানী কিভৰ বানকোভা ষ্ট্ৰীটত। তেওঁ ক’তো লুকাই থকা নাই বুলি প্ৰকাশ কৰিছে৷ লগতে তেওঁৰ দাবী, তেওঁ কাকো ভয়ো নকৰে। ৰাছিয়াৰ সৈতে এই যুদ্ধত জয়ী হ’বলৈ যি কৰিব লাগে সেয়া সকলো কৰিব বুলিও তেওঁ মন্তব্য কৰে।











