![]()
নিউজ ডেস্কঃ
স্মার্টফোন ব্যৱহাৰকাৰীসকলৰ দৰেই এতিয়াৰে পৰা সাধাৰণ মোবাইল ফোন ব্যৱহাৰকাৰীসকলকো ভাৰতীয় ৰিজার্ভ বেংকে প্ৰদান কৰিছে তাৎক্ষণিক লেনদেনৰ সুবিধা। ৰিজাৰ্ভ বেংকৰ গৱর্নৰ শশীকান্ত দাসে ‘ইউপিআই ১২৩ পে’ নামৰ এই নতুন সেৱা উদ্বোধন কৰে।
উল্লেখ্য, ইমান দিনে ‘ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ ইউপিআই এপৰ জৰিয়তে স্মার্টফোন ব্যৱহাৰকাৰীসকলে নগদহীন লেনদেনৰ সুযোগ লাভ কৰিছিল। এইবাৰ উক্ত সুযোগ পাব দেশৰ প্রায় ৪০ কোটি সাধাৰণ ফোন ব্যৱহাৰকাৰীসকলেও। লগতে ডিজিটেল ধন প্রদান সেৱাত গ্রাহকসকলৰ সুবিধাৰ বাবে ‘ডিজিসাথী’ হেল্পলাইনো আৰম্ভ কৰিছে ৰিজার্ভ বেংকে।











