![]()
নিউজ ডেস্কঃ
অগ্নিকাণ্ডত মৃত্যু হ’ল একেই পৰিয়ালৰ পাঁচজনৰ! মঙ্গলবাৰে এই মর্মান্তিক দুর্ঘটনাটো ঘটে কেৰালাৰ ভেৰকালাত। ভেৰকালাৰ দালাভাপুৰমৰ ঘৰত নিশা প্ৰায় ২ বজাত অগ্নিকাণ্ড সংঘটিত হয়। প্রতিবেশীয়ে জুই জ্বলা দেখি লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল।
৬২ বছৰীয়া প্রথপান হৈছে পৰিয়ালটোৰ মুৰব্বী। তেওঁ এজন পাচলি ব্যৱসায়ী। তেওঁ ৰলগতে অগ্নিকাণ্ডত মৃত্যু হয় শার্লি (৫৩), অভিৰামি (২৫), অখিল (২৯) আৰু অভিৰামিৰ ৮ মহীয়া সন্তান ৰিয়ানৰ। প্রথপানৰ ডাঙৰ ল’ৰা নিহুল আহত হৈ হস্পিটেলত ভর্তি হৈ আছে। পুৰি ছাই হৈ গৈছে ঘৰৰ এসি, পাঁচখন বাইকো।
অৱশ্যে অগ্নিকাণ্ডৰ সূত্ৰপাত সন্দৰ্ভত এতিয়াও সঠিককৈ একো ক’ব পৰা নাই আৰক্ষীয়ে। ফৰেনছিক বিশেষজ্ঞসকলে নমুনা পৰীক্ষাৰ কৰাৰ পিছত সকলো দিশ পৰীক্ষা কৰি চোৱা হ’ব বুলি জনাইছে আৰক্ষীৰ শীৰ্ষ সূত্ৰই।











