![]()
ছাইদুল ইছলাম
ডিফু : প্ৰধান মন্ত্ৰী শ্ৰমযোগী মানধন যোজনাৰ অধীনত ভাৰত চৰকাৰৰ তৰফৰ পৰা অসংগঠিত শ্ৰেণীৰ শ্ৰমিকসকলৰ বাবে পেঞ্চনৰ সুবিধা আগবঢ়াইছে ৷ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ প্ৰাপ্ত তথ্য অনুসৰি জানিব পৰা গৈছে যে, যিসকল অসংগঠিত পুৰুষ-মহিলা শ্ৰমিক যিসকলৰ মাহিলি আয় ১৫ হাজাৰ বা তাতোকৈ কম সেইসকল শ্ৰমিকে নিকটতম শ্ৰম বিষয়াৰ কাৰ্যালয় বা সমুহীয় সেৱা কেন্দ্ৰত এই যোজনাৰ বাবে পঞ্জীয়নভুক্ত কৰাই ল’ব পাৰিব ৷ ইয়াৰ বাবে শ্ৰমিকজনৰ নিম্নতম বয়সৰ সীমা ১৮ৰ পৰা ৪০ বছৰলৈকে আৰু নুন্যতম জমা কৰিব লাগিব প্ৰতিদিন ৫৫ টকাৰ পৰা ২০০ টকালৈকে ৷ উক্ত জমা ৰাশিৰ আধাৰতে চৰকাৰে বৃদ্ধকালীন অৱস্থা অৰ্থাৎ ৬০ বছৰৰ পিছত পঞ্জীয়নভূক্ত শ্ৰমিকৰ একাউণ্টত মাহিলি তিনি হাজাৰ টকাকৈ পেঞ্চনৰ ধনৰাশি সুমুৱাই দিব ৷
ইয়াৰ বাবে প্ৰতিগৰাকী অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকে নিকটতম শ্ৰম বিষয়াৰ কাৰ্যালয় বা সমূহীয়া সেৱা কেন্দ্ৰলৈ গৈ ব্যক্তিগত আধাৰ কাৰ্ড আৰু বেংক পাছ বুক জমা দি বায়মেট্ৰিক পঞ্জীয়ন কৰিব লাগিব ৷ নিৰ্মাণ শ্ৰমিক, ঘৰুৱা শ্ৰমিক, হোটেল ৰেষ্টুৰেণ্টৰ শ্ৰমিক, ছিকিউৰিটি গাৰ্ড, নাপিত, চাফাই কৰ্মী আদিতে ধৰি অনান্য শ্ৰমিকে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰিব বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিছে ৷










