![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
১২.১১ গ্ৰাম ড্ৰাগছসহ আটক বলোৰাম দেৱনাথ ওৰফে বলো নামৰ এজন লোক। হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি হোজাই ১নং ৰে’ল গেটৰ পৰা আটক কৰে ধৃত বলোৰামক। ধৃত বলোৰামে ডিমাপুৰৰ পৰা সৰহবৰাহ কৰিছিল ড্ৰাগছখিনি। ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ লাখ টকা হ’ব। অধিক তথ্যৰ বাবে হোজাই আৰক্ষীৰ তদন্ত অব্যাহত আছে। ধৃত আটকাধীন লোকজনৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।












