![]()
নিউজ ডেস্কঃ
থুপুক থাপাক খোজেৰে আগবাঢ়িছে এটি কণমানি। ক’লৈ গৈছে সেয়া বুজাৰ ক্ষমতা নাই কণমানিটোৰ। কিন্তু এইখিনি বুজিছে যে যিটো ঘৰত তেওঁৰ শৈশৱ অলপ অলপকৈ বাঢ়িছে, যিটো চুবুৰীত বন্ধুসকলক লৈ তেওঁৰ সৰু সংসাৰ, সেই সংসাৰ এৰি সম্প্ৰতি অন্য কোনো ঠিকনাই এতিয়া তেওঁলোকৰ গন্তব্যস্থল।
যুদ্ধবিধ্বস্ত ইউক্রেইনৰ এটি শিশুৰ ভিডিও সম্প্রতি ভাইৰেল হৈছে। উক্ত ভিডিওত দেখা গৈছে, আপাদমস্তক গৰম কাপোৰেৰে ঢকা এটি শিশু থৰক-বৰক খোজেৰে আগবাঢ়িছে। এখন হাতত খেলনাৰ এটি বেগ। অন্য হাতত এটি চকলেট।
খোজকাঢ়ি থাকোতে কান্দি আছে শিশুটিয়ে। মাক আগে আগে গৈছে। তেওঁৰ পিছে পিছে পিছু পিছু নিজৰ শৈশৱৰ বস্তু সাৱটি আগবাঢ়িছে কণমানিটো। নিজ দেশ ইউক্রেইন এৰি ক্লান্ত অৱসন্ন শৰীৰেৰে তেওঁলোক উপস্থিত হৈছে পোলেণ্ডত। দেশখনৰেই মেডিকা নামৰ এটি স্থানৰ এই ভিডিও বুলি দাবী কৰা হৈছে।











