![]()
নিউজ ডেস্কঃ
ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীব গান্ধীৰ অন্যতম হত্যাকাৰী এ জি পেৰাৰিভালানক জামিন ছুপ্রিম কোর্টৰ। ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে বুধবাৰে এই নির্দেশ দিয়ে।
ৰাজীব গান্ধী হত্যাত ব্যৱহৃত বেল্ট বোমাত ব্যৱহাৰৰ বাবে এটি ৯ ভ’ল্টৰ বেটাৰী কিনাৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে। ১৯ বছৰ বয়সত গ্রেপ্তাৰ হৈছিল পেৰাৰিভালান।
ইয়াৰ পিছত ১৯৯৯ চনত তেওঁক মৃত্যুদণ্ড দিয়া হয়। কিন্তু তাৰ পিছত ২০১৪ চনত শাস্তি সলনি কৰি অন্য দুই অভিযুক্ত সান্থান আৰু মুৰুগানসহ তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।
উল্লেখ্য যে ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্রীপেৰুম্বুদুৰত এটি সমাবেশত এগৰাকী আত্মঘাতী মহিলাই ৰাজীব গান্ধীক মালা পিন্ধাবলৈ গৈ বিস্ফোৰণ ঘটাইছিল। উক্ত ঘটনাত ৰাজীব গান্ধীসহ মুঠ ১৪ জন নিহত হৈছিল।











