ডিজিটেল সংবাদ, ASSAM TIMES POST, গোলাঘাটঃ এইবাৰ গোলাঘাটত চিকিৎসকৰ গাফিলতিৰ বাবে এটি নবজাতক মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে।বোকাখাটত তিনিদিন পূৰ্বে জন্ম হোৱা নবজাতকটি ওজন কম হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও নবজাতকটি হৰ্ঠাৎ হোৱা মৃত্যুক সহজ ভাবে লব পৰা নাই পিতৃ মাতৃয়ে৷ চিকিৎসালয়ৰ মজিয়াত বহি এগৰাকী মাতৃ কান্দোনত ভাগি পৰিছে এনেদৰে।
আনফালে চকু চলচলীয়া হৈছে পিতৃয়ো। কাৰণ তিনিদিন পূৰ্বে জন্ম হোৱা এটি নবজাতক চিকিৎসাধীন হৈ থকা অবস্হাত হল মৃত্যু।বৃহস্পতিবাৰে এই দৃশ্য গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ৰ। চিকিৎসালয়খনৰ চিকিৎসকৰ বিৰুদ্ধে হেমাহিৰ উত্থাপন হৈছে এতিয়া। কাৰণ বোকাখাট তামুলী পথাৰৰ ৰঞ্জিত কাকতি আৰু সোনতৰা বৰাই তেওঁলোকৰ তিনিদিনীয়া নবজাতকটি ওজন কম হোৱাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল।
কিন্তু চিকিৎসা সেৱা তথা চিকিৎসকে ভালদৰে নকৰাৰ বাবে নবজাতকটি মৃত্যু হল বুলি অভিযোগ কৰিছে নবজাতকটিৰ পিতৃয়ে। চিকিৎসকে চাবলৈ নাথাকে হেনো যাৰ ফলত আজি পুৱা নিজৰ তিনিদিনীয়া সন্তানটো মৃত্যু খবৰে মৰ্মাহত কৰিলে পিতৃ মাতৃ তথা পৰিয়াল বৰ্গক। ইফালে চিকিৎসালয়খন অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে যে যদি এই ক্ষেত্ৰত কৰ্তব্যত থকা চিকিৎসক তথা নাৰ্চৰ গাফিলতিৰ প্ৰমান পায় তেন্তে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সকলোৰে মাজত।













