![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
মাজুলী বিধানসভা উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ বৃহৎ বিজয়। বিৰোধী উমৈহতীয়া অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্রৰঞ্জন বসুমতাৰীক বৃহৎ ব্যৱধানত পৰাস্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ সুৰী হ’ল গাম। উল্লেখ্য যে বিজেপি প্ৰাৰ্থী গামে লাভ কৰে ৬৬,০৯৬টা ভোট। আনহাতে বিৰোধী উমৈহতীয়া এজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে মুঠ ২৪,৫৬৪টা ভোট। বিজেপি প্ৰাৰ্থী গামৰ জয়ৰ ব্যৱধান ৪১,৫৩০টা ভোট।
ইফালে জয় হৈ মাজুলী বিজেপি প্ৰাৰ্থী গামে কয়- এয়া মোৰ জয় নহয়, এয়া মাজুলীবাসী জয়। সত্ৰাধীকাৰ প্ৰভুসকলৰ মৰম আৰু আশীৰ্বাদত জয়ী হৈছোঁ। মই মিছা প্ৰতিশ্ৰুতি-প্ৰলোভন দিব নাজানোঁ, কাম কৰি দেখুৱাম।
আনহাতে পৰাজয়বৰণ কৰি এজেপি প্ৰাৰ্থী চিত্ৰৰঞ্জনে কয়- সততা যুজঁ ইমান সোনকালে শেষ নহয়। জনতাক আমি সময় দিব পৰা নাছিলো। সততা যুঁজ দীঘলীয়া, এদিন নহয় এদিন প্ৰতিষ্ঠা হ’ব। মাজুলী গৰিমা, সন্মান মাজুলী জনতাই ৰক্ষা কৰিব। জনতাই সততাৰে ভোট দান কৰিছে, কিন্তু বিজেপি ধনবল, বাহুবল, প্ৰলোভন ৰাজনীতিত কিছুসংখ্যক ভুল গৈছে। ন্যায় প্ৰতিষ্ঠা স্বাৰ্থত জনতাই এদিন সততাৰ লগত যোগ দিব।
গুৰুত্বপূৰ্ণ কথা মুঠ তিনিগৰাকী প্ৰাৰ্থী অৱৰ্তীন হৈছিল সমষ্টিটো উপ-নিৰ্বাচনত।













