![]()
নিউজ ডেস্কঃ
পঞ্জাবত আপৰ নিৰ্বাচনী যুঁজ আৰম্ভ হৈছিল ২০১৪ৰ লোকসভা নিৰ্বাচনত। আপক সর্বভাৰতীয় স্তৰত দাঙি ধৰাৰ প্রক্রিয়া পঞ্জাবতেই আৰম্ভ হৈছিল। সেইবাৰ লোকসভা নিৰ্বাচনত পঞ্জাবৰ ১৩খন লোকসভা অসমতেই প্রার্থী দিছিল আপে। তাৰ ভিতৰত জয় আহিছিল চাৰিখনত। সেই চাৰিজন সাংসদৰে এজন আছিল ভগৱন্ত মান। ইয়াৰ পিছত আহে ২০১৭ চনত বিধানসভা নিৰ্বাচন। ১১৭ আসনৰ পঞ্জাব বিধানসভাত প্ৰতিদ্বন্দিতা কৰিলেও কোনো মুখ্যমন্ত্রীৰ মুখ ঘোষণা কৰা নাছিল কেজৰিৱালে। আশাতীত সাফল্য আহিলেও জালালাবাদ সমষ্টিত ১৮ হাজাৰৰ অধিক ভোটত পৰাস্ত হ’বলগা হৈছিল মান।
পঞ্জাবত ভগৱন্তৰ প্রথম পৰিচিতি কিন্তু কৌতুক শিল্পী আৰু অভিনেতা হিচাবেহে। দেশৰ ৰাজনৈতিক নেতাসকলক লৈ ভগৱন্তৰ কৌতুক, টিপ্পনিৰ কেছেট বিক্ৰী হৈছিল ধুমুহাৰ গতিত। ভগৱন্ত মুখ দেখুৱাইছে ডাঙৰ পর্দাতো। তেওঁৰ অভিনীত এখন ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছে। বিদেশতো কমেডি শ্ব’ কৰিছে ভগৱন্ত। ভলীবল খেলি অতি ভাল পাইছিল ভগৱন্ত।
২০১১ চনত ভগৱন্তৰ ৰাজনীতিৰ কেৰিয়াৰ আৰম্ভ ‘পিপল্ছ পার্টি অব পঞ্জাব’ৰ জৰিয়তে। অৱশ্যে প্রথম বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল তেওঁ। তাৰ বহুদিন পিছত তেওঁ আপত যোগদান কৰে। ২০১৪ চনত পঞ্জাবৰ ছঙ্গৰুৰ লোকসভা সমষ্টিৰ পৰা দুই লাখৰো অধিক ভোটত বিজয়ী হৈছিল তেওঁ। ২০১৯ চনতো উক্ত লোকসভা সমষ্টিৰ পৰাই বিজয়ী হয়। বিতর্কও হৈছিল ভগৱন্তক লৈ। ২০১৬ চনত সুৰাসক্ত অৱস্থাত সংসদত প্ৰৱেশৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে। সেই ভগৱন্তই নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছিল, মাদকদ্ৰব্য ব্যৱসায়ত কলঙ্কিত পঞ্জাবক নিচামুক্ত কৰিব।
প্রতিশ্রুতি দিছিল, পঞ্জাবত আপ ক্ষমতালৈ আহিলে ‘ড্রাগ টাস্ক ফ’ৰ্চ’ গঠন হ’ব।











