![]()
নিউজ ডেস্কঃ
পুনৰ দুর্ঘটনাগ্ৰস্ত সেনাৰ হস্পিটেল। কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হ’ল সেনাৰ চিতা হেলিকপ্টাৰ। কাশ্মীৰৰ গুৰেজ ছেক্টৰত এই দুৰ্ঘটনা সংঘটিত হয়। ফলত মৃত্যু হয় পাইলটৰ। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত সহকাৰীজনৰ। আজি নিয়ন্ত্রণ ৰেখাৰ ওচৰত এজন অৰ্ধ সামৰিক বাহিনীৰ জোৱান অসুস্থ হৈছিল। তেওঁক তাৰ পৰা উদ্ধাৰ কৰি হস্পিটেলত ভর্তি কৰোৱাৰ বাবে গৈছিল হেলিকপ্টাৰখন।
কাশ্মীৰৰ গুৰেজ ছেক্টৰৰ তুলিয়াল অঞ্চলত ভূপতিত হয় হেলিকপ্টাৰখন। ঘটনাস্থলীতেই মৃত্যু হয় পাইলটজনৰ। সহকাৰীজনক হস্পিটেলত ভর্তি কৰোৱা হৈছে। গুৰুতৰভাবে আহত হয় তেওঁ। কি কাৰণত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হ’ল তাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।











