![]()
নিউজ ডেস্কঃ
২০ বছৰ পূৰ্বে উত্তৰাখণ্ড জন্ম হোৱাৰ পিছৰ পৰা দেৱভূমিত কেতিয়াও এটা দলত আস্থা ৰখা নাই তাৰ জনসাধাৰণে। ফলত প্রতি পাঁচ বছৰৰ মূৰে মূৰে ক্ষমতাৰ সলনি হৈছে।
উত্তৰাখণ্ডৰ বিধানসভা নির্বাচনৰ ফলাফল সন্দৰ্ভত দুটি সম্ভাবনাৰ কথা ভবা হৈছিল— এক, কোনো দলেই সংখ্যাগৰিষ্ঠতা নাপায়। ফলত উত্তৰৰ ৰাজ্যখনত ত্রিশঙ্কু ফলাফল হ’ব বুলি অনুমান কৰা হৈছিল। ক্ষমতাৰ দখল ল’বলৈ সমানে সমানে প্রধান দল কংগ্রেছ আৰু বিজেপিৰ মাজত যুঁজ হ’ব বুলি ভবা হৈছিল। দুই, পাঁচ বছৰৰ মূৰত ক্ষমতা সলনিৰ ধাৰা মানি এইবাৰ ক্ষমতালৈ কংগ্রেছ আহিব বুলি ভবা হৈছিল।
প্রথম কথা আছিল, এক্সিট প’লৰ সমীক্ষাৰ সমান সমান অঙ্ক। দ্বিতীয়টি পুৰণি পৰম্পৰা। দুয়োটাতেই কিছু আশা দেখিছিল কংগ্রেছে। কিন্তু বাস্তবত হ’ল ওলোটা। দেখা গ’ল, দেৱভূমিত এইবাৰ দীর্ঘদিনীয়া অভ্যাস আৰু ইতিহাস সলনি হৈ গ’ল। তেওঁলোকে আস্থা ৰাখিলে বিজেপিতেই। এই প্রথম বিধানসভাত একেটা ৰাজনৈতিক দলকে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত কৰি লৈছে উত্তৰাখণ্ডৰ সাধাৰণ জনতাই। ত্রিশঙ্কু বিধানসভাৰ সম্ভাবনা উৰুৱাই বিজেপিয়েই একক সংখ্যাগৰিষ্ঠতা লৈ উভতিছে গাড়োৱাল-কুমায়ুনৰ ৰাজ্যখনত।
উত্তৰাখণ্ড বিধানসভাত মুঠ আসন ৭০খন। অকলে চৰকাৰ গঠন কৰিবলৈ হ’লে ৩৬খন আসন নিশ্চিত কৰি বিজয়ী হ’ব লাগিব কোনো ৰাজনৈতিক দলে। ৩৬ হ’ল উত্তৰাখণ্ডত চৰকাৰ গঠনৰ ‘যাদু সংখ্যা’।











