![]()
নিউজ ডেস্কঃ
ইউক্রেইনে এতিয়া নিজৰ গতি সলনি কৰাৰ মুহূর্তত আহি উপনীত হৈছে। এই মন্তব্য মস্কো-কিভ সঙ্ঘাত আৰম্ভণিৰ পিছৰ পৰাই নিজৰ জয় সন্দৰ্ভত আত্মবিশ্বাসী ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভোলোদিমিৰ জেলেনস্কিৰ। কিভ দখল কৰিবলৈ সীমান্তৰ ওচৰত ৰাছিয়াই বিপুল পৰিমাণে সেনা সমাবেশ বৃদ্ধি কৰা বুলি পূৰ্বতেই জনাইছিল ইউক্রেইনৰ প্রতিৰক্ষা মন্ত্ৰালয়ে। ৰাছিয়াই বিপুল সেনা সমাবেশ বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতেই এই মন্তব্য কৰে জেলেনস্কিয়ে।
বহু প্রাণহানিৰ আশঙ্কাত কিভৰ নাগৰিকসকলক পূৰ্বৰ পৰাই সুৰক্ষিত স্থানত আশ্রয় লোৱাৰ আবেদন জনাইছে তেওঁ।
কিন্তু ৰাছিয়াৰ নতুন পদক্ষেপত তেওঁলোকৰ আগ্রাসী ৰূপ অধিক স্পষ্ট হৈ উঠা বুলিয়েই মত আর্ন্তজাতিক মহলৰ একাংশৰ। কিভৰ ওপৰত মস্কোৰ আগ্রাসনৰ ১৭ দিনত আহি ক্ষেপণাস্ত্র আক্ৰমণ বহুখিন বৃদ্ধি কৰিছে ৰুছ সেনাই। লগতে ৰুছ বিমান আক্ৰমণৰ মুখত পৰি বিপর্যস্ত কিভ নতুনকৈ সঙ্কটৰ গৰাহত। লগতে যুদ্ধযানত বহুওৱা হৈছে ‘বিএম-২১ গ্রাড’ ৰকেট। কিভৰ বিবিন্ন পূর্বনির্দিষ্ট লক্ষ্যত অবিৰাম এই ৰকেট বর্ষণ চলি থকা বুলিও কিভ চৰকাৰে জনাইছে।











