![]()
নিউজ ডেস্কঃ
জম্মু-কাশ্মীৰৰ পুলৱামা, গান্দেৰৱাল আৰু হান্দৱাৰা জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় ৪ সন্ত্ৰাসবাদী। এই প্রসঙ্গত কাশ্মীৰ আৰক্ষীৰ আইজিপিয়ে কয়, ‘‘শুক্রবাৰে নিশা কাশ্মীৰৰ চাৰি-পাঁচটা স্থানত অভিযান চলাইছিল যৌথ বাহিনীয়ে। এই অভিযানতে এজন পাকিস্তানী সন্ত্ৰাসবাদীসহ দুজন জইশ সন্ত্ৰাসবাদীক পুলৱামাত নিধন কৰা হয়। হান্দৱাৰা আৰু গান্দেৰৱালতো যৌথ বাহিনীৰ অভিযান চলি থকা সময়ত দুই লস্কৰ সন্ত্ৰাসবাদীক হত্যা কৰা হয়।’’
জম্মু-কাশ্মীৰ আৰক্ষীৰ ডিজিয়ে সংবাদ মাধ্যমক কয়, ‘‘জম্মু-কাশ্মীৰৰ উত্তৰ, দক্ষিণ আৰু মধ্য কাশ্মীৰৰ বিভিন্ন এলেকাত যৌথ বাহিনীৰ অভিযান চলে। তাৰ ভিতৰত তিনিটা স্থানত যৌথ বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী চলে।
আৰক্ষী সূত্রত লগতে জনাইছে, পুলৱামাৰ চেৱা কালান এলেকাত, গান্দেৰৱালৰ ছার্চ এলেকাত আৰু হান্দৱাৰাৰ ৰাজৱাৰ এলেকাত তালাচী অভিযান চলোৱাৰ সময়ত সন্ত্ৰাসবাদী আৰু যৌথ বাহিনীৰ মাজত এই সংঘৰ্ষ আৰম্ভ হয়। তাতেই মৃত্যু হয় ২ সন্ত্ৰাসবাদীৰ।











