ডিজিটেল সংবাদ, ASSAM TIMES POST,(অজন্তা তালুকদাৰ) বোকাখাতঃ বিগত সময়চোৱাত সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উজলি উঠাৰ পিছত পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে বোকাখাত। চৰাইদেউ জিলাৰ আৰ্থ-সামাজিক, শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক উন্নয়নমূলক মঞ্চ ‘প্ৰচেষ্টা’ৰ উদ্যোগত প্ৰতি বছৰে আয়োজিত হৈ অহা সাহিত্য প্ৰতিযোগিতাৰ ২০১৯ বৰ্ষৰ ঘোষিত সাহিত্য প্ৰতিযোগিতাৰ গল্প প্ৰতিযোগিতা শিতানত বোকাখাতৰ মনালিছা শইকীয়াই প্ৰথম স্থান লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে।
অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনীত নিৰলসভাৱে সাহিত্য চৰ্চা কৰি অহা আৰু বোকাখাতৰ বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত বোকাখাতৰ নুমলীগড় জুনিয়ৰ কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা বোকাখাত ম’হমাইকী গাঁও নিবাসী মনালিছা শইকীয়া এগৰাকী কবি, প্ৰবন্ধকাৰ তথা গল্পকাৰ। উল্লেখ্য যে অসমৰ কাব্য জগতলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ বাবে মনালিছা শইকীয়াই ৰামধেনুৰ উদ্যোগত যোৱা ২০১৬ বৰ্ষৰ কাব্যশ্ৰী বঁটা লাভ কৰিছিল। দুটি সন্তানৰ মাতৃ মনালিছা শইকীয়া বোকাখাতৰ বালিজান নতুন গাঁৱৰ স্বৰ্গীয় যোগেন শইকীয়া আৰু মালতী শইকীয়াৰ জ্যেষ্ঠা কণ্যা আৰু বোকাখাত কাকচাং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিকুল শইকীয়াৰ পত্নী।













