![]()
নিউজ ডেস্কঃ
কৰোনাৰ ওমিক্রন প্ৰজাতিৰ সংহাৰ কিছু নিম্নগামী হ’বলৈ আৰম্ভ কৰাৰ সময়তেই পুনৰ কৰোনাৰ নতুন ৰূপৰ সন্ধান পোৱা গ’ল ইজৰাইলত। এই দাবী দেশখনৰ স্বাস্থ্য বিভাগৰ। বুধবাৰে ইজৰাইলৰ স্বাস্থ্যমন্ত্রী নিজান হৰো উইজে জনাইছে, কিছুদিন পূৰ্বে দেশৰ বাহিৰৰ পৰা ইজৰাইললৈ অহা দুজন যাত্রীক পৰীক্ষাৰ পিছত তেওঁলোকৰ শৰীৰত নতুন কোভিড ৰূপৰ সন্ধান পোৱা বুলিও তেওঁ জনায়।
ইজৰাইলৰ স্বাস্থ্য বিভাগৰ ৰিপোর্ট অনুযায়ী, কোভিডৰ এই নতুন ৰূপ ওমিক্রন ৰূপৰ দুটি উপৰূপ বিএ-১ আৰু বিএ-২ৰ মিশ্রিত এটি ৰূপ।
কোভিডৰ এই নতুন ৰূপৰ কিছু উপসর্গ দেখা গৈছে বুলি ইজৰাইলৰ দাবী। মৃদু উপসর্গযুক্ত ৰোগীসকলৰ মৃদু জ্বৰ, মূৰ আৰু পেশীত বিষৰ দৰে উপসর্গবোৰে দেখা দিছে। অৱশ্যে কৰোনাৰ এই নতুন ৰূপত আক্রান্তসকলক কোনো বিশেষ ধৰণৰ চিকিৎসা কৰোৱা নহ’ব বুলিও দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে। লগতে এই ৰূপ প্রাণনাশক নহয় আৰু নতুন ঢৌ সৃষ্টি কৰিবলৈ সক্ষম নহয় বুলিও স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে৷











