![]()
নিউজ ডেস্কঃ
মাজ চৈয়দ। কর্নাটকৰ ছিৰছাৰ যুৱক। সাপ ধৰিবলৈ হেনো অতি ভালপায়। বিপদ কেতিয়াও অহা নাই। কিন্তু অত্যুৎসাহী এই যুৱকজনে সাপক লৈ ধেমালি কৰিবলৈ গৈ নিজৰেই বিপদ নিজেমাতি আনিলে। ভিডিওত দেখা গৈছে কোনো এক স্থানত তিনিডাল ফেঁটী সাপে ফণা তুলি আছে। দুডাল ডাঙৰ আৰু এডাল তুলনামূলকভাৱে সৰু। সাপকেইডালৰ সন্মুখত বহি আছে মাজ। আন কোনোবা এজনে আকৌ উক্ত ঘটনাৰ ভিডিও কৰিছিল।
মাজে সাপকেইডালৰ নেজত ধৰি টানি আছিল। তাৰ ফলত আক্রমণাত্মক হৈ উঠে সাপকেইডাল। অতি সন্তর্পণে নিজকে চম্ভালি গৈছিল মাজে। কিন্তু অতি সাহস দেখুৱাবলৈ গৈয়েই তেওঁৰ কাল হ’ল। এডাল সাপে আঁঠুৰ ওচৰত খোঁট মাৰি দিয়ে৷ শিহৰণকাৰী এই ভিডিওটো এতিয়া ভাইৰেল৷











