![]()
নিউজ ডেস্কঃ
মর্গলৈ এটাৰ পিছত আন এটা কোভিডত মৃতকৰ মৃতদেহ আহি আছে। বিশ্ৰাম নাই পিপিই কিট পিন্ধা কর্মচাৰীসকলৰ। মৃতকৰ সংখ্যা বৃদ্ধি হৈ মর্গবোৰ ক্রমে ভৰ্তি হৈ উঠিছে। মৃতদেহ ৰখাৰ ঠাই নথকাত এইবাৰ শীতাতপ নিয়ন্ত্রিত শ্বিপিং কণ্টেইনাৰত মৃতদেহ ৰখাৰ ব্যৱস্থা কৰিছে হংকং প্রশাসনে। ফু শান মর্গৰ সন্মুখত বুধবাৰে ট্রাকৰ পৰা এটা এটাকৈ মৃতদেহ নমোৱা দেখা গৈছে। সেই মৃতদেহবোৰ কণ্টেইনাৰত ভৰোৱা হয়।
কেৱল ফু শানেই নহয়, চহৰখনৰ প্রতিটো মর্গৰেই একে ছবি। ক’তো আৰু মৃতদেহ ৰখাৰ ঠাই নাই। উল্লেখ্য, ওমিক্রনৰ সংক্রমণ বিয়পাৰ পিছত বিগত তিনি মাহত হংকঙত ১০ লাখৰ ওচৰত মানুহ আক্রান্ত হৈছে। মৃত্যু হৈছে চাৰে ৪ হাজাৰৰো অধিক লোকৰ। ইয়াৰে ভিতৰত বেছিভাগেই টীকা নোলোৱা বয়সীয়া ব্যক্তি। এই দাবী প্রশাসনৰ।
আনহাতে, সৎকাৰৰ কামত জড়িত এজন ব্যৱসায়ীৰ দাবী, চহৰখনত যিটো হাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে তাৰ ফলত কফিনৰ সংখ্যাও কমিছে। কফিনৰ চাহিদা বৃদ্ধি পাই থকাত দুখন জাহাজেৰে কফিন অনা বুলি জনাইছে হংকঙৰ প্রশাসনিক প্রধান কেৰী লেমে।











