![]()
নিউজ ডেস্কঃ
ৰুছ সেনাৰ তীব্ৰ আক্ৰমণৰ মাজতেই বৃহস্পতিবাৰে ইউক্রেইন সীমান্তৱর্তী বহুকেইটা এলেকাত ৰে’ল চলাচল বন্ধ হৈ গ’ল পোলেণ্ডত। ইয়াৰ ফলত যুদ্ধ পৰিস্থিতিত সীমান্তলৈ অহা শৰণার্থীসকল সমস্যাত পৰিব পাৰে বুলি আশঙ্কা কৰা হৈছে।
পোলেণ্ডৰ আন্তঃগাঁঠনি বিষয়ক মন্ত্রী আন্দ্রেজ এডামজিকে কয়, ‘‘ৰে’লৱে চিগনেলিং ব্যৱস্থাত যান্ত্রিক ত্রুটিৰ কাৰণেই এই বিভ্রাট ঘটিছে। অতীতত ভাৰত, চিঙ্গাপুৰ আৰু সম্ভৱত পাকিস্তানতো এনে ঘটা দেখা গৈছে।’’ এটি ফৰাচী কোম্পানীয়ে পোলেণ্ডৰ ৰে’লৱে ব্যৱস্থাৰ চিগনেলিং সংক্রান্ত প্রযুক্তিগত দিশ চোৱাচিতা কৰে। বৃহস্পতিবাৰে বিয়লি সংশ্লিষ্ট কোম্পানীটোৱে জনাইছে, সোনকালে পৰিস্থিতি স্বাভাবিক কৰাৰ চেষ্টা চলিছে। অৱশ্যে ইয়াৰ মাজতে বহু ইউক্রেইনীয় শৰণার্থী সীমান্তৱর্তী এলেকাত আবদ্ধ হৈ পৰা বুলি পশ্চিমীয়া সংবাদ মাধ্যমবোৰে জনাইছে।










