আদিবাসী সকলক অনুসূচীত জাতিৰ মৰ্যদা প্ৰদানৰ দাবী আছিল প্ৰতিবাদী কাৰ্যসূচীৰ শীৰ্ষ দাবী
ASSAM TIMES POST ডিফুঃ আজি সমগ্ৰ ৰাজ্যজুৰি সদৌ আদিবাসী ছাত্ৰ সন্থা অসম চমুকৈ আছাই জিলা সদৰত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সমান্তৰালকৈ আছাৰ কাৰবি আংলং জিলা সমিতিয়েই আজি পুৱা ১১ বজাৰ পৰা ২ বজালৈ ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
আছাই আজি কাৰবি আংলং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ৪ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ দাবী সমূহৰ ভিতৰত শীৰ্ষত স্থান পাইছে আদিবাসী সকলক অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰা ৷ ইয়াৰ পিছত ক্ৰমান্বয়ে আদিবাসী সকলক “আদিবাসী”ৰ পৰিৱৰ্তে অসাংবিধানিক ভাবে দি থকা “চাহ জনজাতি” আখ্যা অপমান সূচক লগতে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ” বৈচিত্ৰময় অসম” তো আদিবাসী সকলক চাহ জনজাতিৰে বিভূষিত কৰা হৈছে, সেয়ে পাঠ্যক্ৰমটোৰ পৰা এই নাম শুধৰণি কৰি আদিবাসী কৰাৰ দাবী তোলে ৷
চাহ বাগিছাৰ কৰ্মচাৰী সকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবী আৰু অসম আৰু কাৰবি আংলঙত থকা আদিবাসী সকললৈ ভূমি পট্টা প্ৰদান কৰা আদি ৷ আজি ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে আছাৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি সুনিল ডুংডুং আৰু সাধাৰণ সম্পাদক ইলিয়াছ তিৰ্কিয়ে।













