![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলিত আহত শিশু ধৰ্ষণকাৰী হৰিন্দ্ৰ ৰাম (৫৪)। নিশা মাইলু উপ-আৰক্ষী চকীৰ পৰা খেৰণি আৰক্ষী চকীলৈ আনি থকা অৱস্থাত পলায়নৰ চেষ্টা কৰোতে গুলি কৰে আৰক্ষীয়ে হৰিন্দ্ৰ ৰামক। বাওঁ ভৰিত গুলিৰে আঘাত হোৱা হৰিন্দ্ৰক নিশাই চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ।
মাইলুৰ নাৱাইবিলত ৮ আৰু ৫ বছৰীয়া কণমানি শিশুক ধৰ্ষণ কৰাৰ অভিযোগত হৰিন্দ্ৰ ৰামৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল খেৰণি আৰক্ষী চকীত।উল্লেখযোগ্যযে, নাৱাইবিল গাওঁৰ ৫৪ বছৰীয়া হৰিন্দ্ৰ ৰাম নামৰ ব্যক্তি এজনে এই ধৰ্ষণকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কণমানি কিশোৰীগৰাকীৰ মাতৃৰ।
উল্লেখযোগ্য যে যোৱা ১০ মাৰ্চত ৮ বছৰীয়া কণমানি কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ পাছত পুনৰ কণমানি কিশোৰীগৰাকীৰ ৫ বছৰীয়া ভগ্নীকো যোৱা শুক্ৰবাৰে সন্ধিয়া দানৱ ৰূপী হৰিন্দ্ৰ ৰামে ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ চকলেট দিয়াৰ প্ৰলোভনেৰে কুঁহিয়াৰ খেতিৰ মাজলৈ নি যৌন নিৰ্যাতন চলায়। এই অভিযোগ কণমানি কিশোৰী দুগৰাকী মাতৃৰ ৷
আৰু এই অভিযোগৰ খৱৰ অঞ্চলজুৰি বিয়পি পৰাৰ পাছতেই ধর্ষণকাৰী হৰিন্দ্ৰ ৰামৰ ভাতৃয়ে কিশোৰী দুগৰাকীৰ মাতৃক আৰ্থিক প্ৰলোভন দি বিষয়টি গাপ দিয়াৰ অপচেষ্টা কৰে। কিন্তু কিশোৰী দুগৰাকীৰ মাতৃয়ে খেৰণি আৰক্ষী থানাত গাঁৱৰ ৰাইজৰ সহযোগত সমগ্ৰ বিষয়টি অৱগত কৰাৰ লগতে এক গোচৰ ৰুজু কৰে ।
ইতিমধ্যে Case no- 27/22 U/S 376 (2)(F) IPC, R/W Sec 4/6/17 of Pocso act ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইপিনে পাষণ্ড হৰিন্দ্র ৰাম বৰ্তমান ঘটনা সংঘটিত কৰি পলাতক অৱস্থাত আছিল ৷













