ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ
২০১৮ বৰ্ষৰ দহ জুলাইত চলন্ত ৰে’লত সংঘটিত হৈছিল কৃতী ছাত্ৰী ৰাধা কুমাৰীৰ নৃশংস হত্যাকাণ্ড।

তিনিচুকীয়া—ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে’লত হত্যা কৰা হৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ কৃতী ছাত্ৰী ৰাধা কুমাৰীক।
প্ৰথমে হত্যা কৰি তাৰ পাছত ধৰ্ষণ কৰা হৈছিল ছাত্ৰী গৰাকীক।

আজি শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰে হত্যাকাৰী বিকাশ দাসৰ শাস্তি।
আদালতে হত্যাকাৰী বিকাশ দাসক মৃত্যু দণ্ডৰে দণ্ডিত কৰিছে।
অৱশ্যে হত্যাকাণ্ডটোৰ আন গৰাকী অভিযুক্ত বিপিন পাণ্ডেক নিৰ্দোষী ঘোষণা আদালতৰ।
হত্যাকাৰী বিকাশ দাসক আদালতে মৃত্যু দণ্ডৰে দণ্ডিত কৰাত শিৱসাগৰবাসীয়ে আদালতৰ ৰায়ক আদৰনি জনাইছে ৷













