![]()
নিউজ ডেস্কঃ
ভাৰতৰ ওপৰত খং উঠিছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ। ৰাছিয়া–ইউক্রেইন যুদ্ধ সন্দৰ্ভত ভাৰতে এতিয়াও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই খং বাইডেনৰ। উল্লেখ্য, বিগত কেইবা বছৰ ধৰি আমেৰিকাৰ সৈতে সামৰিক আৰু কৌশলগত সম্পর্ক মজবুত কৰিছে ভাৰতে।
আনহাতে, পুৰণি বন্ধু ৰাছিয়াৰ ক্ষেত্রত আমেৰিকাৰ চাপ সত্ত্বেও আপোচ কৰা নাই মোদী চৰকাৰে। মস্কোৰ সৈতে বাণিজ্যিক সম্পর্কতো বাধা-নিষেধ জাৰি কৰা নাই দিল্লীয়ে। এনে অৱস্থাত সোমবাৰে ৱাশ্বিটনত এক বাণিজ্যিক বৈঠকত ইউক্রেইন যুদ্ধ সন্দৰ্ভত ভাৰতৰ অৱস্থানৰ বিষয়ক প্রশ্নৰ উত্তৰত বাইডেনে কয়,
‘কোৱাড সদস্যসকলৰ ভিতৰত ভাৰতৰ অৱস্থান ব্যতিক্রমী।এই বিষয়ত পদক্ষেপ কৰিবলৈ ভাৰতে ইতস্তত কৰিছে। কিন্তু জাপান আৰু অষ্ট্ৰেলিয়াই অত্যন্ত কঠোৰ অৱস্থান লৈছে।’ নাম নোলোৱাকৈয়ে ৰুছ আগ্রাসনৰ বিৰুদ্ধে ভাৰতে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বিষয়টোৱেই দাঙি ধৰিছে বাইডেনে।













