![]()
মনোৰঞ্জনঃ
বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ য়ে আকৰ্ষণীয় কাহিনীৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে নিৰন্তৰ বক্স অফিচত সফলতাৰ নতুন অধ্যায় লিখিছে। দেশত জনপ্ৰিয়তাৰ শিখৰত উপনীত হোৱা পিছত ছবিখন এতিয়া বিদেশতো উপস্থিত হৈছে। বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ এটা সাক্ষাৎকাৰত ছবিখনৰ বিষয়ে কিছু কথা ব্যক্ত কৰে যিয়ে যিসম্ভৱতঃ ছবিখন সফল কৰাত সহায় কৰিছিল। পৰিচালক গৰাকীয়ে কয় যে, তেওঁ স্বৰ্গীয় স্বৰ-কোকিলা লতা মংগেশকাৰৰ কণ্ঠত ছবিখনত এটা গান ৰেকৰ্ড কৰিব বিচাৰিছিল।
বিবেক অগ্নিহোত্ৰীয়ে সাক্ষাৎকাৰত কয় যে, তেওঁ ছবিখনত এটা গান গাবলৈ কিংবদন্তি গায়িকা লতা মংগেশকাৰৰ কাষ চাপিছিল। কিন্তু ক’ভিড আৰু তাৰ পিছত তেওঁৰ মৃত্যুৰ বাবে পৰিচালক গৰাকীয়ে নিজ ইচ্ছা পূৰণ কৰিব নোৱাৰিলে। ই-টাইমছৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে “কাশ্মীৰ ফাইলচত কোনো গান নাই। ই এক দুখজনক, মহাকাব্যিক নাটক, যিয়ে গণহত্যাৰ ভুক্তভোগী সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৰাচলতে মই এজন কাশ্মীৰী গায়কৰ পৰা এটা লোকগীত ৰেকৰ্ড কৰিছিলো আৰু আমি বিচাৰিছিলো যে লতা দিদিয়ে গীতটিত কণ্ঠদান কৰক। তেওঁ ছবিত গান গোৱা বন্ধ কৰিছিল আৰু অৱসৰ লৈছিল, কিন্তু আমি তেওঁক অনুৰোধ কৰিছিলো। তেওঁ পল্লৱী (পল্লৱী যোশী)ৰ নিচেই কাষৰজন আছিল বাবেই তেওঁ আমাৰ ছবিখনত গান গাবলৈ সাজু আছিল।”
বিবেক অগ্নিহোত্ৰীয়ে আগলৈ কয় যে, “কাশ্মীৰ তেওঁৰ হৃদয়ৰ খুব ওচৰত আছিল আৰু তেওঁ কৈছিল যে তেওঁ গানটো ৰেকৰ্ড কৰিব কিন্তু ক’ভিডৰ ঘটনাবোৰ কমি অহাৰ পিছতহে। তেওঁক আনকি ষ্টুডিঅ’লৈ যাবলৈও অনুমতি দিয়া হোৱা নাছিল সেয়েহে আমি তেওঁৰ সৈতে ৰেকৰ্ড কৰিবলৈ অপেক্ষা কৰিছিলোঁ, কিন্তু তেতিয়া কোনেও নিবিচৰা ঘটনাটো ঘটিছিল। তেওঁলোকৰ সৈতে কাম কৰাটো এতিয়া কেৱল এটা সপোন হৈ ৰৈ গ’ল।”













