![]()
নিউজ ডেস্কঃ
বঙাইগাঁও জিলাৰ গেৰুকাবাৰীত নিশা ৯.৩০ মান বজাত আৰক্ষীয়ে অভিযান চলাই নৈশ বাছৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই সৰবৰাহকাৰী। কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষীয়ে বঙাইগাঁও জিলা আৰক্ষীৰ সহযোগত চলাইছিল এই অভিযান।
AS-19 AC-3377 নম্বৰৰ “জয় ৰাম কৃষ্ণ” নামে নৈশ বাছখন ছিলঙৰ পৰা শিলিগুৰি লৈ গৈ থকা অৱস্থাত গেৰুকাবাৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষীয়ে এই অভিযান সমাপন কৰে।
খবৰ অনুসৰি, উক্ত গ্ৰেপ্তাৰ হোৱা দুই সৰবৰাহকাৰী যুৱকে ৰঙিয়াত বাছত উঠিছিল। লগতে, জব্দ হোৱা হিৰইন খিনিৰ পৰিমাণ ৪ কি.গ্ৰা. ৯০০ কুৰি গ্ৰাম।













