![]()
ডিফু : সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি ডিফু উপায়ুক্ত কাৰ্যালয়ত ২০২২ চনৰ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চূড়ান্ত তালিকাখন আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হয় ৷
সকলো ধৰণৰ দাবী আপত্তি নিষ্পত্তি কৰাৰ পিছত আজি জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দিবাকৰ নাথে ১৮নং হাওৰাঘাট আৰু ১৯নং ডিফু বিধান সভাৰ অন্তৰ্গত ১০টাকৈ পৰিষদীয় সমষ্টি ক্ৰমে, হাওৰাঘাট, লাংফেৰ, ফুলনি, লাংহিন, কৰকাণ্ঠি, মহামায়া, নমাটি, লুম্বাজং, ধনশিৰি আৰু সিংহাসন পৰিষদীয় সমষ্টিৰ বাবে চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰে ৷
পূৰ্বে খছৰা ভোটাৰ তালিকাত মুঠ ১০টা পৰিষদীয় সমষ্টিত ৪৭০টা ওজৰ আপত্তি গ্ৰহণ কৰি ১৪৪টা ওজৰ আপত্তি গ্ৰাহ্য কৰি ৩২৬টা ওজৰ আপত্তি অগ্ৰাহ্য কৰা হয়৷ ১০টা পৰিষদীয় সমষ্টিৰ ৪০৬টা ভোট কেন্দ্ৰত মুঠ ৩২৩৫১৫ ভোটাৰৰ ঠাইত ৪৬৩৮ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰি চূড়ান্ত তালিকাত ৩১৮৮৭৭ গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে ৷
বিশেষকৈ নতুনকৈ বিবাহিতা আৰু ২০১০ চনৰ পৰিষদৰ ভোটাৰ তালিকাত নাম নথকা সকলৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভূক্ত কৰা হোৱা নাই বুলি মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷ আজিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কাৰ্যসূচীত জিলা উপায়ুক্তৰ লগতে নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়া আৰু কাৰ্যবাহী দণ্ডাধীশসকল উপস্থিত থাকে ৷












