অতি কদৰ্যময় চহৰ ডিব্ৰুগড়: সমীক্ষা, আজ টক
ASSAM TIMES POST
ডিব্ৰুগড়: সততে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণত শুনা যায় ১৮০ বছৰীয়া ঐতিসাহিক ডিব্ৰুগড় চহৰৰ নাম বিশ্বৰ বুকুত জিলিকোৱাৰ কথা।ডিব্ৰুগড়ত প্ৰায়ে সভাই-সমিতিয়ে ৰাইজক আহ্বান জনাই কয় যে আমি ডিব্ৰুগড়ক দেশৰ মানচিত্ৰত অন্যতম চহৰ হিচাপে বিশেষভাবে প্ৰতিষ্ঠা কৰিব লাগিব।

হয়,অবশেষত ডিব্ৰুগড়ৰ নাম দেশৰ বুকুত,ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল।মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ বিশেষ নিৰ্দেশত স্বচ্ছতাৰ শ্লগান আওৰাই দেশব্যাপি কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে সমগ্ৰ বিশ্বই-দেশে শুনিলে ডিব্ৰুগড় চহৰৰ নাম।
কিন্তু সু-নাম নহয়,এই দিনটোত ৰাষ্ট্ৰীয় পৰ্যায়ত ডিব্ৰুগড়ৰ দুৰ্নামে লজ্জিত কৰিলে ঐতিহাসিক চহৰখনৰ গৌৰৱময় ইতিহাস।দেশে গান্ধীজয়ন্তীৰ পৱিত্ৰ জন্ম দিনটোত স্বচ্ছতাৰ কাৰ্যসূচী চলাই থাকোতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘আজ তক’ৰ এক সমীক্ষাত দেশৰ ভিতৰতে অতি কদৰ্য চহৰ হিচাপে প্ৰথম স্থান দখল কৰিলে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্যমন্ত্ৰীক ‘এ’ ফ’ৰ ‘আচাম’ বুলি সোঁৱৰাই থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰেই গৃহ চহৰখন এনেদৰে চুড়ান্তভাৱে অপৰিস্কাৰ চহৰ হিচাপে দেশৰ ভিতৰতে দুৰ্নাম কঢ়িওৱা খবৰে ইতিমধ্যেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ইফালে বিজেপি নেতৃত্বাধীন দুৰ্নীতিত নিমজ্জিত ডিব্ৰুগড় পৌৰসভাৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে চহৰবাসীৰ লগতে খোদ বিজেপিৰ একাংশ কৰ্মীৰ দীৰ্ঘদিন ধৰি তীব্ৰ বিৰোধিতা অব্যাহত আছে যদিও বিধায়ক গৰাকীৰ আশীৰ্বাদপুষ্ট ডিব্ৰুগড় পৌৰসভাৰ সভানেত্ৰী সোমা চক্ৰবৰ্ত্তী যেন একছত্ৰী সম্ৰাটহে হৈ পৰিছে।
চহৰখনৰ পৰিস্কাৰ পৰিচ্ছন্নতাত কোনোকালেই মন নিদিয়াৰ ফলত একপ্ৰকাৰ এই দুৰ্নামে নজিৰ বিহীন ভাৱে আজি কালিমা সানিলে ডিব্ৰুগড়ৰ গৌৰৱউজ্বল ইতিহাসত।ইফালে এই ঘটনাৰ পাছতেই খহনীয়া আৰম্ভ হৈছে ডিব্ৰুগড় পৌৰসভাত।
আজি পৌৰসভাৰ এনে কাণ্ডত চৰম লজ্জিত হৈ পদত্যাগ কৰিলে ১১ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ৰচনা জৈনে।ৱাৰ্ড কমিচনাৰ গৰাকীয়ে কয় যে পৌৰসভাৰ দুৰ্বল নেতৃত্ব আৰু নেতিবাচক কৰ্মকাণ্ডই সকলোকে সতবাক কৰি তুলিছে।বাৰম্বাৰ চাফাই কৰিবৰ বাবে অনুৰোধ কৰাৰ পাছতো কিন্তু পৌৰ সভানেত্ৰী নিৰব ভূমিকাই আমাক ব্যথিত কৰি তুলিছে।
স্বৈৰাচাৰী সাসনৰ বাবেই আজি ডিব্ৰুগড় চহৰে এনে অপযশ লব লগা হল বুলি মন্তব্য কৰি পদত্যাগ কৰা বুলি কয়।নিজ পৌৰসভাৰ বিৰুদ্ধেই লজ্জাবোধ, অৰ্কমণ্যতা আৰু অতিষ্ট হৈ এই সিদ্ধান্ত গ্ৰহন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত স্বচ্ছতাৰ শ্লগান আওৰাই ৰাজ্যতো মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মদিনটোত স্বচ্ছতাৰ কাৰ্যসূচী গ্ৰহণ কৰি থাকোতে ডিব্ৰুগড় পৌৰসভাৰ নিৰ্লজ্জ স্বৰূপ উন্মোচন হোৱা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৱাৰ্ড কমিচনাৰ ৰচনা জৈনে।












