![]()
বোকাখাত :বোকাখাতৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী অনুষ্ঠান যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয় চমুকৈ জে ডি এচ জি মহাবিদ্যালয়৷ ১৯৬৪ চনতে স্থাপিত হোৱা মহাবিদ্যালয়খনে বিগত প্ৰায় ছয় দশক জুৰি সৃষ্টি কৰি অহা মানৱ সম্পদে সময়ে সময়ে বৌদ্ধিক, সামাজিক, সাংস্কৃতিক তথা অন্যান্য দিশত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বোকাখাতক প্ৰতিনিধিত্ব কৰিছে।
বোকাখাতৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলনখন শনিবাৰে অনুষ্ঠিত হয় ৷ বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰমঞ্চৰ উদ্যোগত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলনৰ পুৱা পতাকা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰমঞ্চৰ সভাপতি দিবাকৰ শইকীয়াই ৷
ইয়াৰ পাছত স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে প্ৰাক্তন ছাত্ৰমঞ্চৰ প্ৰাক্তন সভাপতি হৰিপ্ৰসাদ বৰঠাকুৰে ৷ ইয়াৰ পাছতে প্ৰাক্তন ছাত্ৰমঞ্চৰ সভাপতি দিবাকৰ শইকীয়াৰ সভাপতিত্বত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলন আৰু বিষয় বাছনি সভাখন অনুষ্ঠিত হয় ৷ প্ৰাক্তন ছাত্ৰমঞ্চৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সম্পাদক ড° ৰুবী বৰাই ৷
বিষয় বাছনিৰ পাছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলনখন অনুষ্ঠিত হয় ৷ অৰম্ভণিতে অধ্যাপক অতুল বেজবৰুৱাৰ পৰিচালনাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেত সংগীত পৰিৱেশন কৰে ৷ ইয়াৰ পাছতে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰী কুহীস্মিতা বৰাই ৷ অনুষ্ঠানতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ড° ৰুবী বৰাৰ ৰচনা আৰু তৰুণ তীৰ্থ শইকীয়াৰ পৰিচালনাৰে “ভূমিফুল” মঞ্চস্থ কৰে ৷
অনুষ্ঠানত ৰীতা কলিতাই গীত পৰিৱেশন কৰাৰ লগতে বুলি কলিতাই কবিতা আবৃত্তি কৰে ৷ সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ৰঙালী বিহুৰ পাছতেই অনুষ্ঠিত কৰিব বুলি সভাপতি দিবাকৰ শইকীয়াই জানিবলৈ দিয়ে













