ডিজিটেল ডেস্ক, ASSAM TIMES POST নতুন দিল্লীঃ দেশৰ উচ্চতম ন্যায়ালয়ে অযোধ্যৰ ভূমি বিবাদ সম্পৰ্কত মাৰ্চ মাহতে গঠন কৰা তিনিজনীয়া মেডিটেশ্যন পেনেলৰ পৰা প্ৰতিবেদন দাখিল কৰিবলৈ আহবান জনাইছে। অহা ২৫ জুলাই তাৰিখে পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য্য কৰা হৈছে।
প্ৰতিবেদন দাখিলৰ পূৰ্বে ১৮ জুলাইৰ ভিতৰত মেডিটেশ্যন পেনেলৰ প্ৰতিবেদন ন্যায়ালয়ত দাখিল কৰিব লাগিব। উল্লেখ্য যে যোৱা ৮ মাৰ্চত অযোধ্যৰ বিবদমান ভূমি খণ্ডৰ নিষ্পত্তিৰ বাবে তিনিজনীয়া মেডিটেশ্যন পেনেল গঠন কৰিছিল। পেনেলৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ফকিৰ মহম্মদ ইব্ৰাহিম কলিফুল্লাক।
ন্যায়াধীশগৰাকীৰ লগতে অন্য দুজন সদস্য হ’ল শ্ৰীশ্ৰী ৰবিশংকৰ আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পাঞ্চু। বিগত ১০ মে’ তাৰিখে ন্যায়ালয়ে সমিতিখনক ১৫ আগষ্টলৈকে সময়সীমা ধাৰ্য কৰি বিষয়টোৰ সমাধান সূত্ৰ আগবঢ়াবলৈ পৰামৰ্শ দিছিল।
স্মৰ্তব্য যে গোপাল সিং বিশাৰদ নামৰ এগৰাকী ব্যক্তিয়ে সমগ্ৰ বিষয়টো শীঘ্ৰে সমাধান হ’ব লাগে বুলি ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে। সেয়েহে ন্যায়ালয়ে গোপাল সিঙৰ আবেদনখন গ্ৰহণ কৰি ন্যায়ালয়ে মেডিটেশ্যন পেনেলৰ প্ৰতিবেদনলৈ অপেক্ষা কৰি আছে। অহা ২৫ জুলাইত পৰৱৰ্তী শুনানীৰ দিন ধায্য কৰি উক্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।













