মঙলবাৰে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে বিগত ৫ দশকজুৰি চলি অহা দুয়ো ৰাজ্যৰ সীমা সংঘাত সমাধানৰ বাবে এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰে৷ দুয়োখন ৰাজ্যৰ ১২টা বিবদমান সীমান্তৰ ৬টাৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিতশ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰী দুগৰাকীয়ে এই চুক্তিত স্বাক্ষৰ কৰে৷

চুক্তি স্বাক্ষৰৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য, এই চুক্তি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ঐতিহাসিক চুক্তি৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই চুক্তিত স্বাক্ষৰ কৰে৷ উল্লেখ্য, উক্ত চুক্তিৰ জৰিয়তে অসম-মেঘালয়ৰ সীমান্তৰ ১২টা স্থানৰ মুঠ ৮৮৪.৯ কিঃমিঃ সীমান্ত এলেকাৰ ভিতৰত ৬টা স্থানৰ সীমা বিবাদ নিষ্পত্তি হ’ব বুলি আশা কৰা হৈছে৷
চুক্তি স্বাক্ষৰৰ পিছত অমিত শ্বাহৰ ঘোষণা, এই চুক্তিখনৰ জৰিয়তে দুয়োখন ৰাজ্যৰ সীমা বিবাদৰ ৭০ শতাংশ সমাধান হ’ব৷
আজিৰ চুক্তিত অন্তৰ্ভুক্ত ৬টা স্থানত আছে মুঠ ৩৬.৭৯ বৰ্গকিঃমিঃ এলেকাৰ ৩৬খন গাঁও৷ উল্লেখ্য, এই সীমা সমস্যা সমাধানৰ বাবে বিগত বছৰৰ আগষ্ট মাহত দুয়োখন ৰাজ্যই ৩খনকৈ কমিটি গঠন কৰিছিল৷
ইয়াৰ পূৰ্বে উক্ত সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী স্তৰত গঠন কৰা পেনেল কমিটিৰ দুইলানি বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত কমিটিয়ে চূড়ান্ত কৰা সমাধান সূত্ৰ অনুযায়ী, প্ৰথম পৰ্যায়ত চুক্তি ৰূপায়ণৰ বাবে লোৱা উক্ত ৩৬.৭৯ বৰ্গকিঃমিঃ বিবদমান অঞ্চলৰ ভিতৰত অসমে ১৮.৫১ বৰ্গকিঃমিঃ আৰু মেঘালয়ে ১৮.২৮ বৰ্গকিঃমিঃ এলেকাত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিব৷
উল্লেখ্য, অসম-মেঘালয়ৰ এই সীমা সমস্যা বিগত ৫০ বছৰ ধৰি চলি আহিছে৷ ১৯৭২ চনত মেঘালয়ে অসমৰ পৰা ওলাই গৈ স্বতন্ত্ৰ ৰাজ্য গঠনৰ পিছত ১৯৭১ চনৰ ‘আছাম ৰিঅৰ্গেনাইজেচন এক্ট’ৰ ১২টা সীমান্তৱৰ্তী বিবদমান স্থানৰ ওপৰত প্ৰত্যাহ্বান জনাই আহিছিল মেঘালয় চৰকাৰে৷













