![]()
নাগালেণ্ড, মণিপুৰ আৰু অসমৰ একাংশৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন প্রত্যাহাৰৰ সিদ্ধান্ত ল’লে কেন্দ্রই। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।

টুইটাৰত অমিত শ্বাহে লিখিছে, ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীজিৰ নেতৃত্বত ভাৰত চৰকাৰে কেইবা দশক পিছত নাগালেণ্ড, মণিপুৰ আৰু অসমত আফস্পাৰ অধীনত অশান্ত এলেকা কমোৱাৰ বিষয়ত গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে।’ কেন্দ্রৰ এই পদক্ষেপে উত্তৰ-পূর্বাঞ্চলত শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিব বুলি তেওঁ জনায়।













