![]()
ভাৰতৰ কপিকুলত নৱতম সংযোজন। অৰুণাচলত দেখা পোৱা গ’ল বিৰল প্রজাতিৰ হোৱাইট চিকড মেকাকা। ইয়াৰ পূৰ্বে ২০১৫ চনত এবাৰেই এনে ধৰণৰ বান্দৰ দেখা গৈছিল বিশ্বত।

সেইবাৰ উক্ত বান্দৰৰ সন্ধান পোৱা গৈছিল দক্ষিণ তিব্বতত। জুলজিকেল ছার্ভে অব ইণ্ডিয়াৰ বিজ্ঞানীসকলে অৰুণাচল প্রদেশৰ আনজাও জিলাত এমাহ পূৰ্বে হোৱাইট চিকড মেকাকাৰ সন্ধান পাইছিল।
এইবাৰ ৰাজ্যখনৰ পশ্চিম কামেং জিলাত বন বিভাগৰ কেমেৰাতেই বন্দী হ’ল উক্ত প্রজাতিৰ আৰু এটি বান্দৰ। বিশেষজ্ঞসকলৰ মতে, ৰাজ্য তথা দেশৰ জীৱ-বৈচিত্র্যৰ ক্ষেত্রত ই এক উল্লেখযোগ্য ঘটনা। পশ্চিম কামেং জিলাৰ ডিএফও চুখু লোমাই জনাইছে, “আনজাওত হোৱাইট চিকড মেকাকা দেখাৰ কিছু দিনৰ ভিতৰতেই আমাৰ বনকর্মীসকলৰ নিয়মমাফিক কেমেৰা ট্ৰেপিঙত দিৰাঙৰ বিশুম ফুডুং এলেকাত উক্ত প্রজাতিৰ আৰু এটি বান্দৰ দেখা পায়।

গালৰ দুয়োকাষে বগা দাগ আৰু ডিঙিত দীঘল, ঘন চুলিয়ে অন্য মেকাকাবোৰৰ পৰা সেইবোৰক চিনাক্ত কৰাত পৃথক কৰে। সেইবোৰে অন্য মেকাকাবোৰৰ সৈতে একেটা অঞ্চলতে আছে। এই আৱিষ্কাৰ অতি ব্যতিক্রমী। আমি পুনৰ বুজিলো, ৰাজ্যখনৰ প্রাণী-বৈচিত্র্য সম্পর্কে আমি এতিয়াও কিমান কম জানো।”
পশুপ্রেমীসকলৰ মতে, এতিয়া অবিলম্বে আনজাও আৰু পশ্চিম কামেং জিলাত হোৱাইট চিকড মেকাকাৰ বসতি আৰু চাৰণক্ষেত্র সন্দৰ্ভত বিশদ সমীক্ষা হোৱা প্রয়োজন। লোমাই জনায়, জিলা বন বিভাগে সেই কাম নিজাকৈ আৰম্ভ কৰি দিছে। উক্ত এলেকাৰ কেমেৰা ট্ৰেপিঙত বহু বিৰল প্রজাতিৰ মার্বল্ড কেটো ধৰা পৰিছে।













