ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰজাবাৰী সাৰ্বজনীন দূৰ্গাপূজাৰ আড়ম্বৰপূৰ্ণ ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন

ASSAM TIMES POST by ASSAM TIMES POST
October 10, 2019
Reading Time: 1 min read
A A
0
ৰজাবাৰী সাৰ্বজনীন দূৰ্গাপূজাৰ আড়ম্বৰপূৰ্ণ ৰূপালী জয়ন্তী বৰ্ষ  উদ্‌যাপন

অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমাৰ ইতিহাস প্ৰসিদ্ধ ৰজাবাৰী অঞ্চলত স্বচ্ছতা, শান্তি শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ দৃষ্টি আগত ৰাখি উদ্‌যাপন কৰি অহা ৰজাবাৰী সাৰ্বজনীন দুৰ্গা পূজা উদ্‌যাপন সমিতিয়ে এইবাৰ ভৰি দিলে ২৫ বৰ্ষত।

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

WhatsApp Image 2019 10 10 at 18.52.18 1 | ASSAM TIMES POST
ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি কাৰ্যসূচীৰ পুৱা বন্তি প্ৰজ্বলন কৰে স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি চন্দ্ৰকান্ত আচাৰ্যই। মূল পতাকা উত্তোলন কৰে পূজা সমিতিৰ প্ৰতিস্থাপক সম্পাদক কমল পূজাৰীয়ে। আন চব্বিশখন পতাকা উত্তোলন কৰে ক্ৰমে বিশিষ্ট লোকবাদ্য তথা ঢোল বাদক ওজা সোমনাথ বৰা, প্ৰবীণ নাট্যশিল্পী, শিল্পী পেঞ্চনাৰ হৰিপ্ৰসাদ বৰঠাকুৰ, অংকুৰণ শাখা সাহিত্য সভাৰ সভাপতি মুহিৰাম লয়িং, সমাজকৰ্মী প্ৰিয়ব্ৰত গোস্বামী, সমাজকৰ্মী ইন্দ্ৰজিত বাবাজী, দিলীপ গগৈ, প্ৰভাত শৰ্মা, নিৰু দেৱী, মিনু দেৱী, পোনাৰাম বৰা, গনেশ বৰঠাকুৰ, সীমান্ত শইকীয়া, সুমন্ত হাজৰিকা, ৰজাবাৰী সাৰ্বজনীন পূজা সমিতিৰ গৃহ নিৰ্মাণ স্থায়ী সমিতিৰ সভাপতি অৰুণ শৰ্মা আৰু সম্পাদক বীৰেণ শৰ্মা, পূজা সমিতিৰ সম্পাদক মৃদুল শৰ্মা, সমাজকৰ্মী মৃদুল বৰা, নিপুল বৰা, কণপাই দাস, কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পুৰৱী গোঁহাই, ৰজাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক পাৰুল দেৱী, ৰজাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান মনোৰঞ্জন বৰুৱা, জীতেন শৰ্মা, সত্যব্ৰত গোস্বামী, গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী মৃদুল শৰ্মা,আৰু ভোগেশ্বৰ বৰাই৷ পূজা সমিতিৰ সতে জড়িত হৈ বিগত সময়চোৱাত বিশেষ অৰিহণা যোগাই অহা বিশ গৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱা হয় আৰু এই কাৰ্যসূচীৰ বন্তি জ্বলাই স্মৃতি তৰ্পন কৰে হৰিপ্ৰসাদ বৰঠাকুৰে। সভাপতি অৰুণ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ওজা সোমনাথ বৰা, লক্ষীপ্ৰসাদ কটকী, মৃদুল শৰ্মাৰ লগতে বহু ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে। সম্পাদক বীৰেণ শৰ্মাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। মণ্ডপৰ থলীত সুধাকন্ঠ ভূপেন হাজৰিকা, খগেন মহন্ত, মামণি ৰয়ছম গোস্বামী আদিৰ লগতে বহু বৰেণ্য ব্যক্তিৰ ফটো গেলাৰী, বিভিন্ন বাণী আৰু নিৰ্দেশনা সম্বলিত ফলক, হস্তনিৰ্মিত ভাস্কৰ্য প্ৰদৰ্শন কৰা হয়। ওজা সোমনাথ বৰাই ঢাক বাদন পৰিবেশন কৰাৰ লগতে লোকবাদ্যৰ ওপৰত এক গম্ভীৰ বক্তব্য প্ৰদান কৰে। কেউদিন নৈমিত্তিক পূজা অৰ্চনাৰ উপৰিও বিভিন্ন সাংস্কৃতিক আৰু বৌদ্ধিক কাৰ্যসূচীৰে দিনটোৰ লগতে বিশেষকৈ সন্ধিয়াৰ সময়ছোৱাত ৰাইজক আকৃষ্ট কৰা অনুষ্ঠান সমুহৰ ভিতৰত আছিল গোলাঘাটৰ নয়নমণি শৰ্মাৰ নৃত্যাঞ্জলী অনুষ্ঠান, স্থানীয় মিনতি বৰাৰ পৰিচালনাৰে লখিমী মহিলা সমিতিৰ দ্বাৰা দিহানাম প্ৰদৰ্শন, গোৰ্খা মহিলাৰ দ্বাৰা শ্ৰী শ্ৰী দূর্গাৰ নাম কীৰ্ত্তন, কমাৰগাঁৱৰ অন্নপূৰ্ণা দুর্গা পূজা সমিতিৰ দ্বাৰা দূর্গাৰ নাম পাঠ, স্থানীয় মহিলাৰ দ্বাৰা দুর্গা নাম পাঠ, বিপিন শৰ্মাৰ চণ্ডীপাঠ , ৰজাবাৰীৰ চিত্ৰকলা আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ উদ্যোগত শ্ৰী কৃষ্ণ নৃত্য৷

WhatsApp Image 2019 10 10 at 18.52.19 | ASSAM TIMES POST

উপস্থিত সকলো বয়সৰ লোকক সামৰি আয়োজন কৰা কুইজ প্ৰতিযোগিতাৰ সঞ্চালনা কৰে অমৰ শৰ্মাই৷ বিজয়ীসকলক সমিতিৰ তৰফৰ পৰা পুৰষ্কাৰ প্ৰদান কৰা হয়। ৰজাবাৰী চিত্ৰকলা আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদৰ্শন কৰা ভোৰতাল নৃত্যই উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ আমন্ত্ৰিত মৰঙীৰ শিল্পী কবিতা ৰাণী বৰপূজাৰী দ্বাৰা পাঠ কৰোৱা হয় দূর্গা নাম পাঠ৷ ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে দুই লাখ, বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই ডেৰ লাখ, গোলাঘাটৰ সমাজকৰ্মী মৃদুল শৰ্মাই এক লাখ, বোকাখাতৰ স্থানীয় যুব ব্যবসায়ী তথা পূজা সমিতিৰ সম্পাদক মৃদুল শৰ্মাই মণিকূটৰ টাইলছ, গুৱাহাটীৰ কাব্যশ্ৰী শৰ্মাই মন্দিৰৰ মূল গৃহৰ টাইলছ, অজিত শৰ্মাই মণ্ডপৰ বিজুলী সৰবৰাহৰ ব্যৱস্থা আৰু বৈদ্যুতিক ফেন, ডাঃ মনজিৎ সিঙে বৰ্তমান প্ৰদান কৰা গেটৰ উপৰিও মূল দ্বাৰৰ গেট দিব বুলি ঘোষণা কৰে। সম্পূৰ্ণ শান্তি পূৰ্ণভাৱে পাৰ হৈ যোৱা ৰূপালী জয়ন্তী বৰ্ষৰ এই অনুষ্ঠানত সহায় সহযোগিতা কৰা সকলো ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানলৈ চলিত বৰ্ষৰ সমিতিখনে সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি ষষ্ঠিৰ উত্তোলিত ধৰ্মধ্বজা অৱনমিত কৰে৷

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx