![]()
স্বামীৰ লগতে দুটিকৈ সন্তানক এৰি আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা এগৰাকী মহিলাক আজি সোণাৰী আৰক্ষীয়ে আটক কৰে।
ঘটনা সন্দৰ্ভত চৰাইদেউৰ আৰক্ষীৰ অধীক্ষক সুধাকৰ সিঙে জনাই যে, নগাঁও চহৰৰ হয়বৰগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত শৰাইঘাট চলচলিৰ কাৱৈমাৰি গাওঁৰ জেহিৰুল ইছলাম চৌধুৰীৰ পত্নী তথা দুই সন্তানৰ মাতৃ মালবিকা বৰা চৌধুৰী (৩৫) য়ে চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্ত নামতোলা হৈ নাগালেণ্ডত থকা শিবিৰত আলফা(স্বাধীন) ত যোগদান কৰে।
সেই ঘটনাক আধাৰ হিচাবে লৈ দিনৰ প্ৰায় এঘাৰ বজাত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে চলোৱা বিশেশ অভিযানত সীমান্তৱৰ্তী নামতোলা অঞ্চলৰ পৰা মহিলা গৰাকীক আটক কৰা হয় । মহিলা গৰাকীক সম্প্ৰতি সোণাৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।













