![]()
যৌন নিৰ্যাতনৰ অভিযোগৰ উত্থাপনৰ পিছত আজি ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীক তৎকালে চাকৰিৰ পৰা নিলম্বন কৰে।
বিগত দিনত উক্ত মহাবিদ্যালয়ৰ দুই অধ্যাপিকাই তেওঁৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰাত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰিছিল।
এই ঘটনাৰ পিছত নগাঁৱৰ শৈক্ষিক মহলত আলোড়নৰ সৃষ্টি হৈছে। এ ডি পি কলেজৰ সুৰক্ষা আৰু শৈক্ষিক উত্তৰণৰ স্বাৰ্থত ঘটনাটোৰ উচিত তদন্তৰ দাবী কৰিছে প্ৰত্যেকে।
তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষ ড° ভাগৱতীক কৈফিয়ত তলব কৰি ২৪ ঘন্টাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে যদিও কৈফিয়তৰ সময় সীমা পাৰ হোৱাৰ পিছত বুধবাৰে উচ্চ শিক্ষা সঞ্চালক ডি কে মিলিয়ে নিলম্বনৰ নিৰ্দেশ জাৰি কৰে ৷
লগতে নিলম্বিতকৰণৰ প্ৰতিলিপি এডিপি কলেজৰ পৰিচালনা সমিতি , নগাঁও কোষাগাৰলৈ প্ৰেৰণ কৰে ৷ নিলম্বিত কৰনৰ সময়চোৱাত ড° সুৰজিৎ কুমাৰ ভাগৱতীক সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি নোহোৱাকৈ নগাঁও এৰি নাযাবলৈ নিৰ্দেশ দিয়া হৈছে ৷
চাঞ্চল্যকৰ বিষয় এই যে নগাঁও সদৰ থানাত ৰুজু হোৱা যৌন নিৰ্যাতনৰ গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ উঠিছে ৷ আৰক্ষীয়ে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰি দায়িত্ব সামৰিছে ৷ ড° ভাগৱতীয়ে মুক্ত বিচৰণ কৰা স্থানৰ খবৰ দিয়া লোকক নগাঁও আৰক্ষীয়ে সময় নাই বুলি বিষটোৰ পৰা ৰহস্যজনক ভাৱে আতৰি আছে ৷












