![]()
“ব’হাগ মাথোঁ এটা ঋতু নহয়,
নহয় ব’হাগ এটি মাহ।
অসমীয়া জাতিৰ ই আয়ুস ৰেখা,
গণজীৱনৰ শাহ।।”

অসমীয়া জাতিৰ লগত ব’হাগ বিহুৰ সম্পৰ্ক সন্দৰ্ভত ভূপেন হাজৰিকাই যি কথা লিখি গৈছে, তাতকৈ ভাল উপমা হয়তো আন একো হ’ব নোৱাৰে। হয়, ব’হাগ কেৱল এটা ঋতু বা মাহ নহয়। কিয়নো এই ব’হাগতেই অসমীয়া জাতীয় জীৱন, মান-স্বাভিমান, গৌৰৱ-অহংকাৰ সকলো সমাহিত হৈ আছে।
সঁচা অৰ্থতে ব’হাগ হৈছে অসমীয়াৰ আয়ুস ৰেখা। স্মৰণাতীত কালৰ পৰাই অসমীয়া জাতিক দাঙি ধৰি আহিছে ব’হাগৰ ৰঙেৰে, আৰু এনেদৰেই প্ৰকাশ কৰি যাব যুগে যুগে।

সেই প্ৰকৃতিৰ সন্মোহিত শক্তিতেই মানৱ জাতিয়েও লাভ কৰে নৱ চেতনা, নৱ প্ৰেৰণা। বিনন্দীয়া প্ৰকৃতিৰ ৰূপ-ৰঙত জীপাল হৈ উঠে আমাৰ মনৰ নিভৃতত সুপ্ত হৈ থকা প্ৰেমৰ বীজ। যাৰ বাবে মতলীয়া হৈ পৰে ডেকা-গাভৰু।
বিহুৰ আৰম্ভণিৰ কোনো নিশ্চিত ইতিহাস নাই। হয়তো অসমীয়া জাতি জন্মৰে পৰা বিহু অসমীয়াৰ জনজীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। মাত্ৰ সময়ৰ সোঁতত পৰিবৰ্তনৰ মাজেদি ৰূপান্তৰেদি নতুন ৰূপ পাই আহিছে।
অসমীয়া জাতিৰ লগত প্ৰকৃতিৰ আত্মিক সম্পৰ্কৰ এক ৰূপ হিচাবে ব’হাগ বিহুক উল্লেখ কৰিব পাৰি। কিয়নো ব’হাগ বিহুৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, পৰম্পৰা সকলোতে প্ৰকৃতিৰে পৰশ, প্ৰকৃতিৰে বন্দনা।
অতি আধুনিকতাই অৱশ্যে বৰ্তমানৰ ব’হাগ বিহুত প্ৰভাৱ নেপেলোৱাকৈ থকা নাই। আমাৰ স্বকীয় পৰম্পৰা বহু ক্ষেত্ৰত কিছু বিচ্ছুত হোৱা দেখা গৈছে। পৰিৱৰ্তিত সময়ত সকলো সলনি হয় বুলি মানি লৈও কিন্তু বিহুৰ স্বকীয়তাৰ ক্ষেত্ৰত আমি আপোচ কৰিলে নহ’ব।
বিহুক পণ্যলৈ ৰূপান্তৰ কৰি আমাৰ জাতীয় সত্তাটোক টেঁটু চেপি হত্যা কৰিব দিব নোৱাৰি। বৰ্তমানৰ ভোগ সৰ্বস্ব পৃথিৱীত বিহুক ভোগৰ সামগ্ৰীলৈ ৰূপান্তৰৰ চেষ্টা চলাই আছে এটা চামে। বিহুক বিকৃতকৰণ কৰি পৰম্পৰা বিনষ্ট কৰাৰ অহৰহ প্ৰচেষ্টা চলি আহিছে। এইবোৰ কিন্তু অশুভ দিশ। আমি এই অশুভ শক্তিক বিনাশ কৰি বিহুৰ স্বকীয়তা ৰক্ষা কৰিবই লাগিব।
ব’হাগ বিহু মানে যেনেদৰে প্ৰেম, মৰম, ভালপোৱা- একেদৰে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰো বতৰা। ব’হাগ মানেই নতুনৰ আগমন, নতুন সৃষ্টিৰ বতৰা। সেয়ে ব’হাগতে আমি সংকল্পবদ্ধ হ’ব লাগে নতুন সৃষ্টি, নতুন কৃষ্টিৰ। মনৰ কলুষতা আঁতৰাই বিশ্ব প্ৰেমৰ বাণী সিঁচিব লাগে। আহক আমি সকলোৱে এই ব’হাগত তাৰেই পণ লওঁ।
“শেষত বিহুৰ বতৰত এফাঁকি বিহুৰেই কওঁ-
এটা বাটিত নহৰু,
এটা বাটিত পনৰু,
এটা বাটিত সুতুৰা শাক।
মূৰৰ চুলি ছিগি আশীৰ্বাদ কৰিছো,
ৰাইজখন কুশলে থাকক।।”












