গুৱাহাটীঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শুকুৰবাৰৰ দিনটোত ভৰি দিয়ে ৮৪ বছৰ বয়সত। ওপজা দিনটোৰ দিনা দিছপুৰৰ চৰকাৰী বাসভৱনত কেক কাটি তেওঁ জন্মদিন পালন কৰে। ইয়াত উপস্থিত থাকে অসম বিধান সভাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা, কংগ্ৰেছ নেতা মানস বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ বিষয়ববীয়া, পত্নী ডলী গগৈ প্ৰমুখ্যে বহুজন। উল্লেখযোগ্য যে ১৯৩৬ চনৰ ১১ অক্টোবৰৰ দিনা অভিভক্ত শিৱসাগৰৰ ৰঙাজান চাহ বাগিচাত তেওঁ জন্ম গ্ৰহণ কৰিছিল।