টাটা ট্ৰাষ্টৰ চিঅ’ৰে দিল্লীত তুলিৰাম ৰংহাঙৰ বৈঠক ৷
ডিফু, ১১ অক্টাবৰ:– কাৰবি আংলঙত ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত পাহাৰীয়া জিলা কাৰবি আংলঙত এখনি কেঞ্চাৰ কেয়াৰ হাস্পাতাল স্থাপন কৰাৰ দিশত অগ্ৰসৰ হৈছে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ ৷ বিশেষকৈ কাৰবি আংলঙত আৰ্থিক ভাবে অনগ্ৰসৰ সকলৰ সুবিধাৰ্থে সুলভমূল্যত উন্নত মানৰ ‘কৰ্কট ৰোগ যতন’ এখনি চিকিৎসালয় স্থাপনৰ বুধবাৰে কাৰবি আংলঙ স্বায়ত্ত শাসত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নতুন দিল্লীত টাটা ট্ৰাষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠানটোৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকত ২০১৯ৰ ভিতৰত টাট ট্ৰাষ্ট আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত কাৰবি আংলঙত এখনি কেঞ্চাৰ কেঞ্চাৰ কেয়াৰ চিকিৎসালয় স্থাপনৰ বিষয়টিয়ে স্থান লাভ কৰে ৷ আলোচনা কালত সমাজৰ আৰ্থিক ভাবে দূৰ্বল শ্ৰেণীয়ে কম খৰচত উন্নত মানৰ কেঞ্চাৰ চিকিৎসা লাভ কৰা সন্দৰ্ভতো আলোচনা হয় ৷ আনহাতে ইয়াৰ জৰিয়তে কৰ্কট ৰোগত মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা, সজাগতাৰ জৰিয়তে কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস কৰা আৰু প্ৰাথমিক পৰ্যায়তে ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিব পৰা গৈছে ৷