![]()
গুৱাহাটী মহানগৰীৰ জনাঞ্চলত বাঘৰ মুক্ত বিচৰণ।পাণ্ডু লোক কলনীত পুৱাৰে পৰা সন্ত্ৰাস এটা প্ৰকাণ্ড নাহৰফুটুকী।নাহৰফুটুকী আক্ৰমণত এগৰাকী বৃদ্ধা গুৰুত্বভাৱে আহত।মঞ্জু ভট্টাচাৰ্য্যক আক্ৰমণ কৰে নাহৰফুটুকীটোৱে।

আহত মহিলা গৰাকীক বর্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে।উল্লেখ্য পুৱা ভাগৰ পৰা বাঘটো এজোপা গছৰ ওপৰত উঠি আছে অঞ্চলটোত।
ইফালে ঘটনাস্থলীত বন বিভাগ, চিকিৎসক, আৰক্ষী, অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ ট্ৰেংকুলাইজ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।গুৰুত্বপূৰ্ণ কথা বাঘটো ট্ৰেংকুলাইজ কৰা বাবে যথেষ্ট প্ৰত্যাহ্বান থকা বুলিও বন বিভাগ তথা চিকিৎসকৰ দলে অৱগত কৰিছে।
তাপৰ্যপূৰ্ণ কথা পুৱা ভাগত পাণ্ডু লোক কলনী এটা ৰেলৱে কোৱাটাৰত সোমাই থকা সন্দেহ কৰা হৈছিল বাঘটো।ইফালে প্ৰশাসনে অঞ্চলটোত থকা বিদ্যালয় সমূহ অৰ্ধ ছুটি ঘোষণা কৰিছে।জনসাধাৰণক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনাইছে।













