![]()
বিবাহ বহির্ভূত সম্পর্কত জড়িতৰ অপৰাধত এগৰাকী মধ্যবয়সীয়া মহিলাক শাস্তি দিলে গাঁওবাসীয়ে। প্রথমতে বেয়াকৈ মাৰধৰ কৰি তাৰ পিছত তেওঁক প্রেমিকৰ সৈতে বিয়া পাতিবলৈ বাধ্য কৰোৱা হ’ল।
ত্রিপুৰাৰ খোৱাই জিলাৰ ঘটনা এয়া। গাঁওবাসীৰ অত্যাচাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকী হস্পিটেলত ভর্তি। তেওঁৰ অভিযোগৰ ভিত্তিত ১০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত জনাইছে, গাঁওবাসীৰ দলটিত তেওঁৰ স্বামীও আছিল। কিন্তু মহিলাগৰাকীক ১৫জন গাঁওবাসীয়ে মাৰধৰ আৰম্ভ কৰাত তেওঁ পলাই যায়। ইয়াৰ পিছতেই তেওঁক পুনৰ বিয়া কৰাবলৈ বাধ্য কৰোৱা হয়।
খোৱাইৰ তেলিমুৰা থানাৰ অ’চিয়ে জনোৱা মতে, তদন্তকাৰী দলটোৱে মহিলাগৰাকীক হস্পিটেলত সাক্ষাৎ কৰা ভাষ্য গ্ৰহণ কৰিছে। ঘটনাৰ তদন্তও আৰম্ভ হৈছে।
মহিলাগৰাকীৰ অভিযোগ, শনিবাৰে নিশা তেওঁৰ স্বামীৰ নেতৃত্বত ১৫ জনীয়া এটি দলে তেওঁক ঘৰৰ পৰা উঠাই লৈ যায় এখন পথাৰলৈ। তাতেই তেওঁক মাৰধৰ কৰা হয়। শাৰীৰিক অত্যাচাৰত অজ্ঞান হৈ পৰে মহিলাগৰাকী।
অভিযোগ, মহিলাগৰাকীৰ প্রেমিক সন্দেহত গাঁওখনৰে এজন ব্যক্তিকো মাৰধৰ কৰে গাঁওবাসীয়ে। মহিলাগৰাকীয়ে জ্ঞান ঘূৰাই পোৱাৰ পিছত দুয়োজনৰে মাল্যদান কৰোৱা হয়। পুৰুষজনক বাধ্য কৰোৱা হয় মহিলাগাকীক সিন্দুৰ পিন্ধাবলৈ।













